বেংক একাউণ্টত মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰা বহুত প্ৰয়োজনীয়। যাৰ জৰিয়তে একাউণ্টৰ সৈতে জড়িত সকলো আপডেট লাভ কৰিব পাৰি। কিন্তু কেতিয়াবা আপোনাৰ মোবাইল নম্বৰৰ সমস্যা হ’লে বা কোনো কাৰণত বন্ধ হৈ গ’লে ইয়াক শীঘ্ৰে সলনি কৰা উচিত। যদি আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰ বন্ধ হৈ গৈছে শীঘ্ৰে আপডেট কৰি লওক।
এই কাম কৰিবলৈ আপুনি সহজে কিছু ষ্টেপ ফলো কৰিলেই হ’ব। বেংকৰ শাখালৈ নোযোৱাকৈয়ে মোবাইল নম্বৰ সলনি কৰাৰ সুবিধা আছে। আহক জানো কেনেকৈ অনলাইনত মোবাইল নম্বৰ আপডেট কৰিব পাৰি।
ঘৰতে বহি কেনেকৈ সলনি কৰিব মোবাইল নম্বৰ :
>> যদি আপোনাৰ নেট বেংকিং একাউণ্ট তেন্তে আপুনি গৰতে বহি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ জৰিয়তে বেংক একাউণ্টৰ মোবাইল নম্বৰ সলনি কৰিব পাৰিব।
>> উদাহৰণস্বৰূপে যদি আপোনাৰ যদিহে আপোনাৰ এছবিআইৰ একাউণ্ট আছে তেন্তে www.onlinesbi.comলৈ যাব লাগিব। ইয়াৰ পিছত আপোনাৰ একাউণ্ট লগইন কৰি প্ৰফাইলত ক্লিক কৰিব লাগিব।
>> ইয়াৰ পিছত পাৰ্ছনেল ডিটেইলত ক্লিক কৰক। ইয়াত আপুনি ভাৰতীয় ষ্টেট বেংকৰ প্ৰফাইল পাছৱৰ্ড দিব লাগিব।
>> এইখিনি ছাবমিট কৰাৰ পিছত আপুনি নিজৰ ইমেইল আইডি আৰু পুৰণি নম্বৰ দেখা পাব য’ত মোবাইল নম্বৰ সলনি কৰাৰ অপচনো দেখা পাব।
>> এই নিৰ্দেশনা পালন কৰি আপুনি নিজৰ মোবাইল নম্বৰ সলনি কৰিব লাগিব।
যদি আপুনি ইণ্টাৰনেট বেংকিং ব্যৱহাৰ নকৰে তেন্তে শাখালৈ গৈও নিজৰ মোবাইল নম্বৰ সলনি কৰিব পাৰে। ইয়াৰ বাবে আপুনি বেংকৰ শাখালৈ গৈ মোবাইল নম্বৰ পৰিৱৰ্তনৰ ফৰ্ম ফিলআপ কৰি দিব লাগিব। ইয়াৰ উপৰি আপুনি পাছবুক আৰু আধাৰ কাৰ্ডৰ ফটোকপি দিব লাগিব। তাৰ পিছত বেংকে আপোনাৰ নম্বৰ সলনি কৰি দিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|