এতিয়াও দেশত অব্যাহত আছে কোৰোণাৰ সন্ত্ৰাস? কিদৰে বৃদ্ধি কৰিব পাৰিব আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা?

News18 Assam | News18-Assam
Updated:May 13, 2020, 1:16 PM IST
এতিয়াও দেশত অব্যাহত আছে কোৰোণাৰ সন্ত্ৰাস? কিদৰে বৃদ্ধি কৰিব পাৰিব আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা?
কিদৰে ঘৰুৱা ভাবেই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা যায়?

কিদৰে ঘৰুৱা ভাবেই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা যায়?

  • Share this:
দেশত এতিয়াও অব্যাহত আছে কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। প্ৰত্যেকদিনাই বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। কিন্তু যিসকলৰ লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক তেওঁলোকক সহজে আক্ৰমণ কৰিব পৰা নাই কোৰোণা ভাইৰাছে।

কিদৰে ঘৰুৱা ভাবেই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা যায়?

১. মানসিক চাপ লব নাগালে। অতিমাত্ৰা মানসিক চাপে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে।

২. দৈনিক শাৰীৰিক ব্যায়ামে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। দৈনিক ব্যায়াম কৰিলে মানুহৰ তেজৰ চলাচল ভাল হয়।

৩. বিশ্ৰাম অতি প্ৰয়োজন।  শাৰিৰিক আৰু মানসিক বিশ্ৰামেও ৰোগল প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

৪. নিয়মিত টোপনি অতি প্ৰয়োজনীয়। সোনকালে শোৱা আৰু সোনকালে উঠা মানুহৰ শৰীৰৰ বাবে অতি উপযোগী।

মানুহৰ দেহত বহু ভিটামিনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।

‘ভিটমিন চি’ য়ে মানুহৰ ৰোধ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত প্ৰচুৰ পৰিমাণে সহায় কৰে। যেনে-নেমূ, আমলখিত প্ৰচুৰ পৰিাণে ভিটামিন চি পোৱা যায়।

জিংকে মানুহৰ দেহত ৰোগ প্ৰতিৰোধ বৃদ্ধিত সহায় কৰে।

‘ভিটামিন এ’, ‘ভিটামিন ই’ যুক্ত খাদ্যও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে অতি উপযোগী।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading