যদি আপুনি ক্ষুদ্ৰ সঞ্চয়ৰ জৰিয়তে কোটিপতি হ'ব বিচাৰিছে, তেন্তে আপোনাৰ বাবে আছে এটা ভাল পৰামৰ্শ ৷ আপুনি কৰ্মচাৰী ভৱিষ্য নিধি অৰ্থাৎ PPFত বিনিয়োগ কৰি পূৰণ কৰিব পাৰে কোটিপতি হোৱাৰ সপোন ৷ প্ৰতি মাহে PPFত কম পৰিমাণৰ ধন জমা কৰিয়েই কোটিপতি হ'ব পাৰিব আপুনি । কিন্তু ইয়াৰ বাবে আপুনি আজিৰ পৰাই বিনিয়োগ কৰা আৰম্ভ কৰিব লাগে যাতে আপুনি অৱসৰৰ পিছত ধনৰ বাবে হাবাথুৰি খাবলগীয়া নহয় ।যদি আপুনি আপোনাক জনোৱা মতেই বিনিয়োগ কৰে, তেন্তে আপুনি অৱসৰৰ পূৰ্বেই হৈ পৰিব কোটিপতি । গতিকে জানি লওক কেনেকৈ আৰু কিমান পৰিমাণৰ বিনিয়োগ কৰিব লাগিব আপুনি ...PPFত লাভ কৰিব ৭.১% সুত -দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে PPF এক উত্তম বিকল্প হিচাপে বিবেচনা কৰা হয়, য'ত আপুনি ভাল ৰিটাৰ্ণ লাভ কৰিব পাৰে । ইয়াত বছৰি আপুনি ১.৫ লাখ টকা লৈকে বিনিয়োগ কৰিব পাৰে অৰ্থাৎ প্ৰতি মাহে ১২,৫০০ টকা । ইয়াক ১৫ বছৰৰ বাবে বিনিয়োগ কৰা হয় । সেই অনুসৰি, মাহে ১২,৫০০ টকা বিনিয়োগৰ মুঠ মূল্য ১৫ বছৰৰ পিছত হ'ব ৪০,৬৮,২০৯ টকা । অৰ্থাৎ ইয়াৰ মুঠ বিনিয়োগ হৈছে ২২.৫ লাখ টকা আৰু সুত হৈছে ১৮,১৮,২০৯ টকা । এইখিনিতে জানিবলগীয়া যে,চৰকাৰে PPF একাউণ্টত বাৰ্ষিক ৭.১% সুত পৰিশোধ কৰে ৷কেনেদৰে হ’ব কোটি টকা -উদাহৰণ স্বৰূপে, এই মুহূৰ্তত আপোনাৰ বয়স ৩০ বছৰ, আৰু আপুনি আজিৰ পৰা PPFত বিনিয়োগ কৰা আৰম্ভ কৰিছে। যদি আপুনি প্ৰায় ১৫ বছৰৰ বাবে প্ৰতি মাহে PPFত ১২,৫০০ টকা জমা কৰে, তেন্তে আপোনাৰ জমা হ’ব ৪০,৬৮,২০৯ টকা । আপুনি এই টকা উলিয়াই নেপেলাব আৰু ইয়াক পুনৰ ৫ বছৰলৈ বৃদ্ধি কৰক । অৰ্থাৎ যদি আপুনি ১৫ বছৰৰ পিছত পুনৰ ৫ বছৰৰ বাবে বিনিয়োগ কৰে, তেন্তে ২০ বছৰৰ পিছত আপুনি লাভ কৰিব ৬৬,৫৮,২৮৮ টকা । ২০ বছৰৰ পিছত, আপুনি পৰৱৰ্তী ৫ বছৰৰ বাবে বিনিয়োগ বৃদ্ধি কৰিব লাগে, অৰ্থাৎ ২৫ বছৰৰ পিছত, ই হ'ব ১,০৩,০৮,০১৫ টকা ।৭৫০০ টকা জমা কৰি কেনেকৈ কোটিপতি হ'ব ?আপুনি PPFত প্ৰতি মাহে ৭৫০০ টকা জমা কৰিও ৫৫ বছৰ বয়সলৈ কোটিপতি হ'ব পাৰিব ৷ কিন্তু ইয়াৰ বাবে আপুনি ২০ বছৰ বয়সতে বিনিয়োগ কৰা আৰম্ভ কৰিব লাগিব । ৭.১ শতাংশ সুতত ১৫ বছৰৰ বাবে PPF ত ৭,৫০০ টকা জমা কৰিলে ইয়াৰ মুঠ মূল্য হ'ব ২৪,৪০,৯২৬ টকা । ৫ বছৰৰ পিছত অৰ্থাৎ ২০ বছৰৰ পিছত ইয়াৰ পৰিমাণ হ'ব ৩৯,৯৪,৯৭৩ টকা । পুনৰ ৫ বছৰ বৃদ্ধি কৰিলে ২৫ বছৰৰ পিছত এই পৰিমাণ হ'ব ৬১,৮৪,৮০৯ টকা । আকৌ ৫ বছৰ বঢ়ালে ৩০ বছৰৰ পিছত এই পৰিমাণটো ৯২,৭০,৫৪৬ টকা । আৰু যদি আপুনি ইয়াৰ সীমা ৩৫ কৰে তেন্তে ইয়াৰ পৰিমাণ হ'ব ১,৩৬,১৮,৭১৪ টকা। অৰ্থাৎ, যেতিয়া আপোনাৰ বয়স হ'ব ৫৫ বছৰ আৰু সেইসময়ত আপোনাৰ হাতত থাকিব ১.২৫ কোটিৰো অধিক ধন ।