মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »প্ৰতিদিনে মাত্ৰ ৩৫টকা জমা কৰি হওক কোটিপতি! কেনেদৰে কৰিব এই কাম? জানক সবিশেষ

প্ৰতিদিনে মাত্ৰ ৩৫টকা জমা কৰি হওক কোটিপতি! কেনেদৰে কৰিব এই কাম? জানক সবিশেষ

যদি আপুনি কোটিপতি হ'ব বিচাৰে (How to be a crorepati), আপুনি অলপ বুজাবুজিৰে অধিক বিনিয়োগ কৰিব লাগিব।

যদি আপুনি কোটিপতি হ'ব বিচাৰে (How to be a crorepati), আপুনি অলপ বুজাবুজিৰে অধিক বিনিয়োগ কৰিব লাগিব।

যদি আপুনি কোটিপতি হ'ব বিচাৰে (How to be a crorepati), আপুনি অলপ বুজাবুজিৰে অধিক বিনিয়োগ কৰিব লাগিব।

  • Share this:
কোটিপতি হোৱাৰ সুবৰ্ণ সুযোগ! যদি আপুনি কোটিপতি হ'ব বিচাৰে (How to be a crorepati), আপুনি অলপ বুজাবুজিৰে অধিক বিনিয়োগ কৰিব লাগিব। যদিও কোটিপতি হোৱাৰ সপোন সহজ নহয়, এই সপোনটো বাস্তৱায়িত কৰিব পাৰি, যদিহে কিছুমান বিশেষ দিশৰ প্ৰতি মনোযোগ দিয়া হয় আৰু সঠিক বিনিয়োগ ৰণনীতি (proper planning and constant saving) প্ৰস্তুত কৰা হয়।

কি কৰিব লাগে জানি লওঁক:

বজাৰ বিশেষজ্ঞসকলৰ মতে, যদি এজন যুৱকে ২০ বছৰ বয়সত চাকৰি আৰম্ভ কৰে, তেন্তে তেওঁ ৬০ বছৰ বয়সত অৱসৰ ল'লে সহজে কোটিপতি হ'ব পাৰে। বিশেষজ্ঞসকলে কয় যে, দীৰ্ঘম্যাদী সময়ত ইকুইটি মিউচুৱেল ফাণ্ড (Equity Mutual Fund)ত ধন বিনিয়োগ কৰিলে কোটিপতি হোৱাৰ সপোন লাভ কৰিব পাৰে।

বিশেষজ্ঞসকলৰ মতে, আপুনি দৈনিক ৩৫ টকা ৰাহি কৰি কোটিপতি হোৱাৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰে। যেতিয়াই শ্বেয়াৰ বজাৰত ডাঙৰ সংশোধন হয় তেতিয়াই সেই স্তৰৰ পৰা এছ.আই.পি. (Systematic Investment Plan- SIP) প্ৰৱৰ্তন কৰিব লাগে।

বিনিয়োগকাৰীসকলে চাকৰিৰ প্ৰাৰম্ভিক দিনৰ পৰা দীৰ্ঘম্যাদী সময়ৰ বাবে বৈচিত্ৰ্যময় ইকুইটি মিউচুৱেল ফাণ্ডত (Diversified Equity Mutual Funds)ত বিনিয়োগ আৰম্ভ কৰিব লাগে। দীৰ্ঘম্যাদী সময়ত, যদি আপুনি বাৰ্ষিক গড় ১২ শতাংশ হাৰত ৰিটাৰ্ণ বিবেচনা কৰিও আপুনি কোটিপতি হ'ব পাৰে। অৱশ্যে, ইয়াৰ বিনিয়োগকাৰীয়ে প্ৰতিদিনে মাত্ৰ ৩৫ টকা বা প্ৰতি মাহে প্ৰায় ১,০৫০ টকা ৰাহি কৰা আৰম্ভ কৰিব লাগিব।

যদি আপুনি ২০ বছৰ বয়সত চাকৰি এটা আৰম্ভ কৰে আৰু ৬০ বছৰ বয়সত অৱসৰ ল'ব বিচাৰে, আপুনি প্ৰতি মাহে ১,০৫০ টকা এছ.আই.পিত বিনিয়োগ কৰিব লাগিব। তেওঁ ১২ শতাংশৰ চক্ৰবৃদ্ধি হাৰত ১ কোটিতকৈ অধিক টকা অৰ্জন কৰিবলৈ সক্ষম হ’ব।

অধিক বয়সৰ লোকসকলো কোটিপতি হ'ব পাৰেঃ

বয়সীয়াল বিনিয়োগকাৰীসকলো কোটিপতি হ'ব পাৰে। ৩৫ বছৰ বয়সত চাকৰি আৰম্ভ কৰা এজন বিনিয়োগকাৰীয়ে অৱসৰ লোৱাৰ সময়ত কোটিপতি হ'ব বিচাৰিলে প্ৰতি মাহে ৫,৮৭৫ টকা বিনিয়োগ কৰিব লাগিব। বিনিয়োগকাৰীজনে ১২ শতাংশ চক্ৰবৃদ্ধি হাৰত প্ৰায় ১ কোটি টকা উপাৰ্জন কৰিব।

শেহতীয়া বাতৰি