অৱসৰৰ সময়ত কোটিপতি হোৱাৰ হিট ফৰ্মূলা, এনেদৰে ধন বিনিয়োগ কৰি লওক বৃহত্‍ সুবিধা

News18 Assam | News18-Assam
Updated:October 15, 2020, 3:38 PM IST
অৱসৰৰ সময়ত কোটিপতি হোৱাৰ হিট ফৰ্মূলা, এনেদৰে ধন বিনিয়োগ কৰি লওক বৃহত্‍ সুবিধা
আপুনি চৰকাৰী স্কীম বা পি পি এফ অৰ্থাত্‍ পাব্লিক প্ৰ’ভিডেণ্ট ফাণ্ডৰ জৰিয়তে বিনিয়োগ কৰিলে অৱসৰ পৰ্যন্ত কোটিপতি হ’ব পাৰিব। কিন্তু ইয়াৰ বাবে আপুনি এনেদৰে আগবাঢ়িব লাগিব।

আপুনি চৰকাৰী স্কীম বা পি পি এফ অৰ্থাত্‍ পাব্লিক প্ৰ’ভিডেণ্ট ফাণ্ডৰ জৰিয়তে বিনিয়োগ কৰিলে অৱসৰ পৰ্যন্ত কোটিপতি হ’ব পাৰিব। কিন্তু ইয়াৰ বাবে আপুনি এনেদৰে আগবাঢ়িব লাগিব।

  • Share this:
অৱসৰৰ পিছত আৰামদায়ক জীৱন কটাব বিচাৰে নেকি? যদি বিচাৰে, তেন্তে এতিয়াৰ পৰাই ভালদৰে প্লেনিং কৰি কোটি টকাৰ ফাণ্ড জমা কৰিব পাৰিব। আজিৰ সময়ত কোটিপতি হোৱা বৰ বিশেষ টান কাম নহয়। ইয়াৰ বাবে আপোনাৰ প্লেনিং মাত্ৰ সঠিক হ’ব লাগে। যদি সঠিক স্কীমত, সঠিক সময়ত বিনিয়োগ কৰে তেন্তে আপুনি আৰামত অৱসৰ পৰ্যন্ত বৃহত্‍ ফাণ্ড গোটাব পাৰিব।



PPFত বিনিয়োগ কৰি হ’ব পাৰিব কোটিপতিঃ

আপুনি চৰকাৰী স্কীম বা পি পিএফ অৰ্থাত্‍ পাব্লিক প্ৰ’ভিডেণ্ট ফাণ্ডৰ জৰিয়তে বিনিয়োগ কৰিলে অৱসৰ পৰ্যন্ত কোটিপতি হ’ব পাৰিব। কিন্তু ইয়াৰ বাবে আপুনি সঠিক ৰূপত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব।

লংগ টাৰ্ম বিনিয়োগৰ বাবে আছে ভাল অপশ্যনঃ

লংগ টাৰ্ম বিনিয়োগৰ বাবে পিপিএফ এক সঠিক ইনভেষ্টমেণ্ট অপশ্যন। ইয়াত বিনিয়োগ কৰি আপুনি আপোনাৰ ধন সঠিক ৰূপত ৰাহি কৰিব পাৰে। ইয়াৰ লগতে আপুনি লাভ কৰিব সুবিধাজনক সুত। PPFৰ বিনিয়োগ EEE কেটেগ’ৰিৰ ভিতৰত পৰে। অৰ্থাত্‍ যদি আপোনাৰ বিনিয়োগ আৰু ইয়াত লাভ কৰিবলগীয়া সুতৰ হাৰ আৰু মিচিউৰিটীৰ ৰাশি সকলো টেক্স ফ্ৰী হয়।



এয়া হ’ল পিপিএফৰজৰিয়তে কোটিপতি হোৱাৰ ফৰ্মুলাঃ

অৱসৰ পৰ্যন্ত কোটিপতি হোৱাৰ বাবে আপুনি ২৫ৰ পৰা ৩০ বছৰৰ ভিতৰৰ পৰাই পিপিএফত বিনিয়োগ কৰা আৰম্ভ কৰিব লাগে। ধৰি লওক যে, আপুনি ১৫ বছৰৰ মিছিউৰিটীত ৭.১ শতাংশ সুতৰ হাৰৰ সৈতে ৰিটাৰ্ণ লাভ কৰিব। প্ৰতি বছৰে ১.৫ লাখ টকা পিপিএফত বিনিয়োগ কৰিব পাৰে। তেন্তে মাহৰ হিচাপত ১২,৫০০ টকা আপুনি পিপিএফত জমা কৰিব লাগিব। ইয়াত ৭.১ শতাংশ সুতৰ হাৰত ১৫ বছৰৰ পিছত মিছিউৰিটী ৰাশি হ’ব ৪০,৬৮,২১০ টকা। য’ত সৰ্বমুঠ বিনিয়োগ কৰা ধন হ’বগৈ ২২.৫ লাখ টকা।

এনেদৰে হ’বগৈ কোটি টকাৰ ফাণ্ডঃ

পিপিপফত মেছিউৰিটীৰ পিছতো চলাই নিয়াৰ সুবিধা লাভ কৰিব বা নিজৰ একাউণ্ট চলাই যাব পাৰিব। ১৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত ফৰ্ম-এছ জমা কৰি মিছিউৰিটীৰ সময়সীমা ৫-৫ বছৰকৈ দুবাৰ বৃদ্ধি কৰিব পাৰিব। আৰু ২৫ বছৰলৈকে আপুনি প্ৰতিবছৰে ১.৫ লাখ টকাকৈ বিনিয়োগ কৰি থকিব। পিছত ৭.১ শতাংশ সুতৰ হাৰত মিছিউৰিটীৰ সময়ত সৰ্বমুঠ ১,০২,৪০,২৬০ টকা লাভ কৰিব। য’ত সৰ্বমুঠ জমা কৰা ধন হ’বগৈ ৫৫.৬৮ লাখ টকা।
Published by: Himangshu Bhuyan
First published: October 15, 2020, 3:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading