কেনেকৈ সংঘটিত হৈছিল চুৰাটত অগ্নিকাণ্ডৰ ঘটনা?

চুৰাটৰ চৰথানা অঞ্চলত এটা অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত কৰুণ মৃত্যুক সাবটি ললে ২০টাকৈ শিশুৱে।

news18assam
Updated:May 25, 2019, 1:42 PM IST
কেনেকৈ সংঘটিত হৈছিল চুৰাটত অগ্নিকাণ্ডৰ ঘটনা?
চুৰাটৰ চৰথানা অঞ্চলত এটা অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত কৰুণ মৃত্যুক সাবটি ললে ২০টাকৈ শিশুৱে।
news18assam
Updated: May 25, 2019, 1:42 PM IST
চুৰাটৰ চৰথানা অঞ্চলত এটা অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত কৰুণ মৃত্যুক সাবটি  ললে  ২০টাকৈ শিশুৱে।  তথ্য অনুসৰি এটা  অট্টালিকাটোত থকা কোচিং চেণ্টাৰত বহুকেইটা শিশুৱে প্ৰশিক্ষণ লৈ আছিল ,তেনে সময়তে অকস্মাত জুই লাগে অট্টালিকাটোত। এতিয়ালৈকে জানিব পৰা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ।ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে গুজৰাটৰ নগৰ উন্নয়ন বিভাগে।



অট্টালিকাটোত জুই লগাত ৩০ গৰাকীতকৈ অধিক লোক আবদ্ধ হৈ পৰে। ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈছে ঘটনাস্থলীত। অগ্নিনিৰ্বাপকৰ দল পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।



আহত সকলক গুজৰাট চৰকাৰ আৰু স্থানীয় প্ৰশাসনে সকলো ধৰণৰ সহায়ৰ আশ্বাস।



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰ যোগে শোক প্ৰকাশ কৰে. ।



ঘটনাাত নিহত হোৱা শিশুৰ পৰিয়াললৈ চাৰি লাখ টকাৰ সাহাৰ্য্য ঘোষণা গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানীৰ।

অট্টালিকাৰ ভিতৰত এতিয়াও চলাই থকা হৈছে উদ্ধাৰ অভিযান

 
আৰু চাওক পৰৱৰ্তী বাতৰি