বাঢ়িয়েই আছে পেট্ৰ’ল–ডিজেলৰ মূল্য!

News18-Assam
Updated:May 28, 2019, 10:36 PM IST
বাঢ়িয়েই আছে পেট্ৰ’ল–ডিজেলৰ মূল্য!
ক্ৰমাগত ষষ্ঠ দিনৰ বাবে বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ বাবে এতিয়া দেশত বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য।

ক্ৰমাগত ষষ্ঠ দিনৰ বাবে বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ বাবে এতিয়া দেশত বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য।

  • Share this:
ক্ৰমাগত ষষ্ঠ দিনৰ বাবে বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্য। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ বাবে এতিয়া দেশত বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য। নিৰ্বাচন সমাপ্ত হোৱাৰ পৰা আজিলৈকে দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৮৪ পইচা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৭৩ পইচা বৃদ্ধি পালে। মঙলবাৰেও প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্যত ৯ পইচা বৃদ্ধি পাইছে। ফলত এতিয়া প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ’লগৈ ৭১.৮৬ টকা।

সেইদৰে মঙলবাৰে  গুৱাহাটীত  প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭১.৩৭ টকা,   চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭৪.৫৯ টকা হোৱাৰ বিপৰীতে কলিকতাত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭৩.৯২ টকা, মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৭৭.৪৭ টকা লৈ বৃদ্ধি পালে। তাৰ সমান্তৰাল ভাবে  মঙলবাৰে গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৭.১৭ টকা  প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৭০.৫৭ টকা, কলিকতাত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৮.৪৫ টকা হোৱাৰ লগতে মুম্বাইত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৯.৮৮ টকালৈ বৃদ্ধি পালে।
আৰু চাওক
পৰৱৰ্তী বাতৰি