যদি বেংক দেউলীয়া হয় আপুনি জমা কৰা টকাৰ কি হ’ব?

এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিছে বহুতেই।

News18-Assam
Updated:October 4, 2019, 2:29 PM IST
যদি বেংক দেউলীয়া হয় আপুনি জমা কৰা টকাৰ কি হ’ব?
এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিছে বহুতেই।
News18-Assam
Updated: October 4, 2019, 2:29 PM IST
RBI (Reserve Bank of India)ৰ তৰফৰ পৰা বিগত দুই সপ্তাহত উঠোৱা পদক্ষেপক লৈ ছচিয়েল মিডিয়াত সাধাৰণ ৰাইজে বেংকত জমা থোৱা টকাক লৈ যথেষ্ট চৰ্চা কৰি আছে। বেছিভাগৰে মনত এটাই প্ৰশ্ন যে যদিহে বেংক দেউলীয়া হয় বা বন্ধ হয় তেনেহ’লে মই জমা কৰা টকাৰ কি হ’ব? এই বিষয়ক লৈ বেংকিং বিশেষজ্ঞ সকলৰ মত যে বেংকত জমা থোৱা আপোনাৰ টকা সুৰক্ষিত। স্বাধীনতাৰ পিছত দেশত আজিলৈকে কোনো কমাৰ্চিয়েল বেংক ডুবা নাই। লগতে এনে পৰিস্থিতিত চৰকাৰে সাধাৰণ ৰাইজক সহায় কৰিব।

অৱশ্যে DICGC অৰ্থাৎ ডিপ’জিট ইন্সুৰেন্স এণ্ড ক্ৰেডিট গাৰাণ্টী কৰ্প’ৰেচনৰ তৰফৰ পৰা নিৰ্ধাৰিত নিয়ম অনুসৰি গ্ৰাহকে ১লাখ টকাৰ সুৰক্ষাৰ গাৰাণ্টি পায়। এই নিয়ম বেংকৰ সকলো ব্ৰাঞ্চৰ ক্ষেত্ৰত প্ৰযোজ্য। ইয়াত মূলধন আৰু সুত দুয়োটাতে চামিল কৰা হৈছে। অৰ্থাৎ দুয়োটা মিলাই যদি পৰিমাণ ১লাখৰ বেছি হয় তেনেহ’লে কেৱল ১লাখ টকাহে সুৰক্ষিত বুলি ধৰা হ’ব। বাকী টকা পোৱাৰ গাৰাণ্টী নাই।

বেংক ডিফ’ল্ট হ’লে একাউণ্টত জমা থকা টকাৰ কি হ’ব?

আপোনাৰ একেটাই বেংকৰ কেইবাটাও ব্ৰাঞ্চত একাউণ্ট যদি আছে তেনেহ’লে সকলো একাউণ্টৰ টকা একেলগে যোগ কৰি কেৱল ১লাখ টকালৈকেহে সুৰক্ষিত ৰূপে লোৱা হ’ব। কেৱল এয়াই নহয় যদি আপোনাৰ এটা বেংকত এটাতকৈ অধিক একাউণ্ট আৰু FD আছে তেতিয়াও বেংক ডিফ’ল্টাৰ হোৱা বা দেউলীয়া হ’লে আপুনি এক লাখ টকালৈকেহে পোৱাৰ গাৰাণ্টী আছে। এই গাইডলাইন DICGC -এ নিৰ্ধাৰণ কৰে।

বিশেষজ্ঞ গৌৰী চড্ডাই নিউজ18ক জনোৱা মতে ভাৰতত এতিয়ালৈকে এনে পৰিস্থিতি অহা নাই য’ত বেংক ডুবিছে। যদি কোনো বেংকে কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছে তেতিয়া বেংকটোক আন বেংকৰ সৈতে চামিল কৰি দিয়া হয়। এইধৰণে বেংকটোক আকৌ ট্ৰেকলৈ লৈ অহা হয় আৰু বেংকৰ গ্ৰাহকৰ টকা সুৰক্ষিত হৈ থাকে। কিয়নো বেংক গ্ৰাহকৰ টকাৰ দায়িত্ব নতুন বেংকটোৱে লৈ লয়।

পোষ্ট অফিচত জমা টকা সুৰক্ষিত নে?

যদি পোষ্ট অফিচে আপোনাৰ টকা দিবলৈ অক্ষম হয় তেনেহ’লে সৱৰেন গাৰাণ্টী থাকে। অৰ্থাৎ কোনো পৰিস্থিতিত যদি পোষ্টেল ডিপাৰ্টমেণ্টে বিনিয়োগকাৰীৰ ধন ঘুৰাই দিয়াত ব্যৰ্থ হয় তেনেহ’লে চৰকাৰে বিনিয়োগকাৰীৰ ধনৰ গাৰাণ্টী লয়। কোনো পৰিস্থিতিত আপোনাৰ টকা ফচি নাথাকে। পোষ্ট অফিচৰ জমা টকাৰ ব্যৱহাৰ চৰকাৰে নিজৰ কামৰ কাৰণে ব্যৱহাৰ কৰে গতিকে এই টকাৰ গাৰাণ্টীও চৰকাৰে লয়।

RBI–এ শেহতীয়াকৈ পঞ্জাৱ আৰু মহাৰাষ্ট্ৰ ক’ অপাৰেটিভ বেংকৰ (PMC) বহুকেইটা খেলিমেলিৰ কাৰণে বেংকটোৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে। RBIৰ প্ৰতিবন্ধকতাৰ বাবে বেংকটোৰ গ্ৰাহকে ছমাহত নিজৰ একাউণ্টৰ পৰা ১০হাজাৰতকৈ অধিক টকা উলিয়াব নোৱাৰে। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত বহু ধৰণৰ গুজব ওলোৱা আৰম্ভ হয়। ইয়াৰ পিছত ৯টা বেংক বন্ধ হোৱাৰ খবৰ আহে। RBI আৰু চৰকাৰে এই গুজববোৰৰ খণ্ডন কৰিছে আৰু গ্ৰাহকক আশ্বস্ত কৰিছে যে তেওঁলোকৰ টকা সম্পূৰ্ণ সুৰক্ষিত। 

 

SBIৰ প্ৰাক্তন অধ্যক্ষ প্ৰদীপ চৌধুৰীয়ে নিউজ18ক জনোৱা মতে আগন্তুক সময়ত সাধাৰণ ৰাইজৰ চিন্তা বৃদ্ধি হোৱাটো স্বাভাৱিক। একেৰাহে প্ৰৱঞ্চনা বাঢ়িছে। RBI–এ আৰু অধিক কঠোৰ পদক্ষেপ ল’ব লাগে যাতে বেংকে বিত্তীয় স্থিতিক লৈ সময় থাকোতে সঠিক খবৰ ৰাখিব পাৰে। তেওঁ কয় যে দেশত ৰেষ্টুৰেণ্টতকৈ বেংক খোলাটো সহজ হৈ পৰিছে। 

কেনেকৈ ভাল বেংক নিৰ্বাচন কৰিব?

প্ৰদীপ চৌধুৰীয়ে কোৱা মতে বেংক নিৰ্বাচন কৰাৰ আগতে বেংকটোৰ ক্ৰেডিট ৰেটিং চাই লোৱাটো দৰকাৰ। ইয়াৰ লগতে শ্বেয়াৰৰ মূল্য আৰু তাৰ মাৰ্কেট কেপিটেলাইজেশ্যনো চাব লাগে। যাতে বেংকৰ স্থিতি গম পোৱা যায়।

বিশেষজ্ঞসকলৰ মতে নিজৰ সম্পূৰ্ণ সঞ্চয় কেতিয়াও এটা বেংকত অথবা তাৰ বেলেগ বেলেগ ব্ৰাঞ্চত নাৰাখিব। বেংক ডুবিলে বেংকটোৰ সকলো একাউণ্টত জমা টকা এটাই একাউণ্টত জমা টকা ৰূপে গণ্য কৰা হয়। এনেকুৱাত চেভিংছ বা কাৰেণ্ট একাউণ্ট, এফডি বা সঞ্চয়ৰ কাৰণে বেলেগ বেলেগ বেংকত ৰাখক।
আৰু চাওক পৰৱৰ্তী বাতৰি