Boyfriendৰ সৈতে বিবাহপাশত আবদ্ধ হ'ব নে নহয় এয়া নিশ্চিত কৰিবলৈ ছোৱালীয়ে লয় এইখিনি সময়

Boyfriendৰ সৈতে বিবাহপাশত আবদ্ধ হ'ব নে নহয় এয়া নিশ্চিত কৰিবলৈ ছোৱালীয়ে লয় এইখিনি সময়

Dulu Medhi | news18assam
Updated:April 16, 2019, 4:27 PM IST
Boyfriendৰ সৈতে বিবাহপাশত আবদ্ধ হ'ব নে নহয় এয়া নিশ্চিত কৰিবলৈ ছোৱালীয়ে লয় এইখিনি সময়
CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), quality = 82
Dulu Medhi | news18assam
Updated: April 16, 2019, 4:27 PM IST
বিবাহ প্ৰতিজন লোকৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ সেইবাবে যিকোনো লোকে এই বিষয়টোক লৈ কম সময়তে সিদ্ধান্ত ল'ব নিবিচাৰে৷ প্ৰতিজন লোকেই ভাবি-চিন্তি, অলপ সময় লৈ কোনো সিদ্ধান্ত লোৱাটো বিচাৰে৷ ভৱিষ্যতে যাতে অনুশোচনাত ভুগিবলগীয়া নহয় সেই চিন্তা সকলোৱে কৰে৷ বয়ফ্ৰেণ্ডৰ সৈতে বিয়াত বহাৰ কথা আহি পৰিলে সময় আৰু বাঢ়ি যায়৷ আচলতে ছোৱালীবোৰে জানিব খোজ যে যাক তেওঁ ভালপায় তেওঁৰ সৈতে প্ৰকৃততে বিয়াত বহিব বিচাৰে নে নিবিচাৰে৷ ছোৱালীবোৰ দোধোৰ-মোধোৰ অৱস্থাত থাকে কিজানি ল'ৰাজনে তেওঁক বিশ্বাসঘাতকতাই কৰে! তেওঁৰ সিদ্ধান্ত ভুল হৈ যোৱাৰো ভয় থাকে৷ ছোৱালীবোৰ এনেকুৱা বহু প্ৰশ্নৰ মাজত হাবুডুবু খাই থাকে৷

‌বয়ফ্ৰেণ্ডৰ সৈতে বিয়াত বহিবলৈ ছোৱালীবোৰে কিমান সময় লয় এই বিষয়টোক লৈ এটা গৱেষণা পোহৰলৈ আহিছে৷ চিকাগো ইউনিভাৰ্ছিটীত অলপতে এটা বিশেষ গৱেষণা সম্পন্ন হয়৷ গৱেষণাত বিবাহিত আৰু অবিবাহিত দুয়ো প্ৰকাৰৰ লোকক অন্তৰ্ভুক্ত কৰা হৈছিল৷ এই লোকসকলক কিছুমান প্ৰশ্ন কৰা হৈছিল৷ প্ৰশ্নসমূহৰ ভিতৰত আছিল- আপুনি কেতিয়াবা কাৰোবাৰ সৈতে ডেটত গৈছেনে? আপুনি তেওঁকেই বিয়া কৰিছেনে? বিয়াৰ সিদ্ধান্ত ল'বলৈ কিমান সময়ৰ প্ৰয়োজন হৈছিল? কি কি জটিলতা আহিছিল? ভালপোৱাজনক কিয় বিয়া নকৰিলে? এই সকলোবোৰ প্ৰশ্নৰ পিছত গৱেষকে এই সিদ্ধান্তত উপনীত হৈছিল যে প্ৰত্যেকজন ব্যক্তিকে ভালপোৱাজনক বিয়া কৰোৱাৰ সিদ্ধান্ত ল'বলৈ গড়ে ১৭২ দিনৰ প্ৰয়োজন হয়৷


‌এই সিদ্ধান্ত কেতিয়াও হঠাৎ লোৱা নহয়৷ যদি হঠাৎ লোৱা হয়ো তেতিয়াও ইয়াক নিশ্চিত কৰিবলৈ বহুবাৰ সিদ্ধান্ত ৰদ-বদল কৰিব লগা হয়৷ গৱেষণাত কোৱা হৈছে যে যিবোৰ লোকৰ কোনো প্ৰেমিক-প্ৰেমিকা আছিল তেওঁলোকক বিয়াৰ সিদ্ধান্ত ল'বলৈ গড়ে ২১০ দিনৰ সময় লাগিছিল৷ গৱেষকসকলে ইয়াৰ আঁৰত লুকাই থকা এটা গুৰুত্বপূৰ্ণ কাৰণ কৈছিল৷ তেওঁলোকৰ মতে কাৰোবাৰ সৈতে সম্পৰ্ক আৰম্ভ কৰাৰ প্ৰথম ৩ মাহ 'হানীমুন পিৰিয়ড'ৰ দৰে হয়৷ এই সময়খিনিত প্ৰতিজন লোকে নিজৰ পাৰ্টনাৰৰ প্ৰতিটো কথা পচন্দ কৰে৷ কিন্তু কিছুদিন পিছত লাহে লাহে জীৱনৰ সত্যতা দুয়োৰে আগত আহিবলৈ ধৰে৷ দৰাচলতে ভালপোৱাজনক বিয়া কৰাৰ সিদ্ধান্ত ল'বলৈ প্ৰতিজন লোকে ১৭২ দিনৰ সময় লয়৷
আৰু চাওক পৰৱৰ্তী বাতৰি