• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • যেতিয়া চাবোন–চাৰ্ফ নাছিল, তেতিয়া কেনেকৈ পৰিষ্কাৰ কৰি চমকাই তোলা হৈছিল ৰজা–ৰাণীৰ কাপোৰ!

যেতিয়া চাবোন–চাৰ্ফ নাছিল, তেতিয়া কেনেকৈ পৰিষ্কাৰ কৰি চমকাই তোলা হৈছিল ৰজা–ৰাণীৰ কাপোৰ!

ভাৰত বনস্পতি আৰু খনিজ সম্পদত চহকী। ইয়াত এজোপা গছ পোৱা যায় যাক ৰিঠা বুলি কোৱা হয়।

ভাৰত বনস্পতি আৰু খনিজ সম্পদত চহকী। ইয়াত এজোপা গছ পোৱা যায় যাক ৰিঠা বুলি কোৱা হয়।

ভাৰত বনস্পতি আৰু খনিজ সম্পদত চহকী। ইয়াত এজোপা গছ পোৱা যায় যাক ৰিঠা বুলি কোৱা হয়।

  • Share this:


আপুনি কেতিয়াবা এই কথাটো ভাবি চাইছেনে যে যেতিয়া চাবোন আৰু চাৰ্ফ নাছিল, তেতিয়া কাপোৰ কেনেকৈ ধুইছিল! ৰজা–ৰাণীৰ দামী কাপোৰ কিদৰে পৰিষ্কাৰ হৈ উজলিছিল। কেনেকৈ সাধাৰণ লোকে ধুইছিল নিজৰ কাপোৰ।

ভাৰতত আধুনিক চাবোনৰ আৰম্ভ ১৩০ বছৰ পূৰ্বে ব্ৰিটিছৰ শাসন কালত হৈছিল। লীবাৰ ব্ৰাডাৰ্ছ ইংলেণ্ডে ভাৰতত প্ৰথমবাৰ আধুনিক চাবোন বজাৰত উলিয়াই দিয়াৰ কাম কৰিছিল। প্ৰথমে ব্ৰিটেইনৰ পৰা ভাৰতলৈ এই চাবোন আমদানি কৰা হৈছিল আৰু তাৰ মাৰ্কেটিং কৰা হৈছিল। যেতিয়া ভাৰতত মানুহে চাবোন ব্যৱহাৰ কৰিবলৈ ল’লে তেতিয়া ইয়াত তাৰ উদ্যোহ স্থাপন কৰা হ’ল।

এই উদ্যোগত গা ধোৱা আৰু কাপোৰ পৰিষ্কাৰ কৰা দুয়ো ধৰণৰ চাবোন প্ৰস্তুত কৰিছিল। নৰ্থ ৱেষ্ট ছ’প কোম্পানী প্ৰথম এনে কোম্পানী আছিল যিয়ে ১৮৯৭ চনত মেৰঠত দেশৰ প্ৰথম চাবোনৰ কাৰখানা নিৰ্মাণ কৰিছিল। ইয়াৰ পিছত জামছেদজী টাটা এই ব্যৱসায়ত প্ৰথম ভাৰতীয় কোম্পানী হিচাপে আত্মপ্ৰকাশ কৰে।

কিন্তু প্ৰশ্ন হয় যেতিয়া ভাৰতত চাবোনৰ ব্যৱহাৰ হোৱা নাছিল, তেতিয়া কাপোৰ কেনেকৈ ধুই পৰিষ্কাৰ কৰা হৈছিল?

ভাৰত বনস্পতি আৰু খনিজ সম্পদত চহকী। ইয়াত এজোপা গছ পোৱা যায় যাক ৰিঠা বুলি কোৱা হয়। তেতিয়া কাপোৰ পৰিষ্কাৰ কৰিবলৈ ৰিঠা ব্যৱহাৰ কৰা হৈছিল। ৰজাৰ মহলত ৰিঠাৰ গছ বা ৰিঠাৰ উদ্যান গঢ়ি তোলা হৈছিল। দামী কাপোৰ বীজাণুমুক্ত আৰু পৰিষ্কাৰ কৰাৰ বাবে ৰিঠা আজিও আটাইতকৈ ভাল অৰ্গেনিক সামগ্ৰী।



প্ৰাচীণ ভাৰতত ৰিঠাৰ ব্যৱহাৰ ছুপাৰ চাবোনৰ দৰে হৈছিল। ইয়াৰ বাকলিৰ পৰা একধৰণৰ ফেন প্ৰস্তুত হৈছিল, যাৰ জৰিয়তে কাপোৰ পৰিষ্কাৰ কৰা হৈছিল। ইয়াৰ জৰিয়তে কাপোৰ পৰিষ্কাৰো হৈছিল আৰু বীজাণুনাশক হিচাপেও ই কাম কৰিছিল।

এতিয়া ৰিঠাৰ ব্যৱহাৰ চুলি ধোৱাৰ বাবে ব্যৱহাৰ হয়। ৰিঠাৰ পৰা চেম্পুও প্ৰস্তুত কৰা হয়। ই এতিয়াও জনপ্ৰিয়। পুৰণি সময়তো ৰাণীসকলে নিজৰ দীঘল চুলি ইয়াৰেই ধুইছিল। ইয়াক ছ’প বেৰী বা ৱাশ্ব নাট বুলিও কোৱা হয়।

পুৰণি কালত দুই ধৰণে কাপোৰ পৰিষ্কাৰ কৰা হৈছিল। সাধাৰণ লোকে নিজৰ কাপোৰ গৰম পানীত দি উতলাইছিল। তাৰ পিছত অলপ ঠাণ্ডা হোৱাত শিলত এচাৰিছিল, যাৰ ফলত কাপোৰৰ মলি আঁতৰি গৈছিল। আজিও ভাৰতত য’ত ডাঙৰ ধুবী ঘাট আছে তাত কাপোৰ এইদৰে পৰিষ্কাৰ কৰা হয়। তাত চাবোন বা চাৰ্ফৰ ব্যৱহাৰ নহয়।

দামী কাপোৰৰ বাবে ৰিঠাৰ ব্যৱহাৰ কৰা হৈছিল। পানীত ৰিঠাৰ ফল দি তাক গৰম কৰা হৈছিল। এনে কৰিলে পানীত ফেন উৎপন্ন হয়। ইয়াক কাপোৰত লগাই ব্ৰাছ বা হাতেৰে ঘহিলে কাপোৰ পৰিষ্কাৰ হোৱাৰ লগতে বীজাণুমুক্তও হৈছিল। শৰীৰত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়াও নহৈছিল।

কাপোৰ পৰিষ্কাৰ কৰা আন এটা পদ্ধতিও আছিল, যিটো খুব জনপ্ৰিয় আছিল। গ্ৰাম্য অঞ্চলত খালী হৈ পৰি থকা ভূমিত, নদী–পুখুৰীৰ পাৰত অথবা খেতিপথাৰত পগা ৰঙৰ এবিধ পাউদাৰ দেখা গৈছিল যাক ‘ৰেহ’ বুলিও কোৱা হয়। ভাৰতৰ মাটিত ইয়াক প্ৰচূৰ পৰিমাণে পোৱা গৈছিল। ইয়াৰ কোনো মূল্য নাছিল। এই পাউদাৰ পানীত মিলাই কাপোৰ তিয়াই দিয়া হৈছিল। ইয়াৰ পিছত কাঠৰ মাৰিৰে ঘহি পৰিষ্কাৰ কৰা হৈছিল।

প্ৰাচীন ভাৰততে নহয়, কিছু দশক পূৰ্বলৈকে মাটি আৰু ছাই গাত ঘঁহি গা ধুইছিল মানুহে বা হাত পৰিষ্কাৰ কৰিছিল। মাটি আৰু ছাইৰ ব্যৱহাৰ বাচন পৰিষ্কাৰ কৰিবলৈও কৰা হৈছিল।

Published by:Sanjay Kumar Das
First published: