সৱধান! ভুৱা হ’ব পাৰে আপোনাৰ হাতত থকা আধাৰ কাৰ্ডখন! ঘৰতে কৰক পৰীক্ষা

News18 Assam | News18-Assam
Updated:September 16, 2020, 11:27 AM IST
সৱধান! ভুৱা হ’ব পাৰে আপোনাৰ হাতত থকা আধাৰ কাৰ্ডখন! ঘৰতে কৰক পৰীক্ষা
কিদৰে পৰীক্ষা কৰিব নিজৰ আধাৰ কাৰ্ডখন?

কিদৰে পৰীক্ষা কৰিব নিজৰ আধাৰ কাৰ্ডখন?

  • News18 Assam
  • Last Updated: September 16, 2020, 11:27 AM IST
  • Share this:
এই সময়ত আধাৰ কাৰ্ড ভাৰতৰ নাগৰিকৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ ডক্যুমেণ্ট। এটা চিম ক্ৰয় কৰাৰ পৰা চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো ক্ষেত্ৰতে আধাৰ কাৰ্ডখনৰ প্ৰয়োজন হয়। আপোনাৰ ঘৰৰ কাম কৰাৰ পৰা, বেংকৰ কাম-কাজলৈকে আধাৰ কাৰ্ডৰ প্ৰয়োজন। গতিকে আপুনি জনাতো উচিত যে, আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সম্পূৰ্ণ সঠিক হয়নে নহয়?

কোৰোণা মহামাৰীৰ সময়ত বহু প্ৰৱঞ্চক সক্ৰিয় হৈ উঠিছে। বহুতে জালিয়াতিৰে নিৰ্মাণ কৰিছে আধাৰ কাৰ্ড। গতিকে শুদ্ধ আধাৰ কাৰ্ডখন আপুনি এনেদৰে চিনাক্ত কৰিব পাৰিব?

কিদৰে পৰীক্ষা কৰিব নিজৰ আধাৰ কাৰ্ডখন-


  •  প্ৰথমে আপুনি আধাৰৰ ৱেব চাইট https://resident.uidai.gov.in/aadhaarverification ত ক্লীক কৰক।

  • ইয়াত প্ৰথমে আধাৰ ভেৰিফিকেশ্যন পেজ অ’পেন হ’ব। আৰু ইয়াতে আধাৰ কাৰ্ড নম্বৰ এণ্টাৰ কৰিব লাগিব।

  • ১২ ডিজিটৰ আধাৰ নম্বৰ এণ্টাৰ কৰাৰ পিছত কেপ্চাটো এণ্টাৰ কৰক।


  • তাৰ পিছত ভেৰিফাই অপচনত ক্লীক কৰক। যদি আপোনাৰ আধাৰ নম্বৰ শুদ্ধ তেন্তে , তেন্তে নতুন পেজ অ’পেন হ’ব। আৰু আপোনাৰ ৰেজিষ্টাৰ ম’বাইল নম্বৰলৈ মেছেজ যাব।

  • যদি আধাৰ কাৰ্ডৰ নম্বৰ ভুৱা তেন্তে, ইনভেলিড দেখাব।

Published by: Himangshu Bhuyan
First published: September 16, 2020, 11:21 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading