মহৌষধ নেমু টেঙা! কিদৰে সুৰক্ষিত কৰি ৰাখিব নিজৰ বৃক্ক? আজিয়েই এৰক এইবোৰ বদ অভ্যাস

News18 Assam | News18-Assam
Updated:September 4, 2020, 3:27 PM IST
মহৌষধ নেমু টেঙা! কিদৰে সুৰক্ষিত কৰি ৰাখিব নিজৰ বৃক্ক? আজিয়েই এৰক এইবোৰ বদ অভ্যাস
বৰ্তমান সময়ত দেশত দ্ৰুতগতিত বাঢ়িছে বৃক্কৰ ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। কিন্তু গৱেষণাত প্ৰকাশ পাইছে যে, বৃক্ক ৰোগ আমি নিজৰ জীৱন শৈলীৰ পৰিৱৰ্তন কৰি ৯০ শতাংশ বাধা দিব পাৰো।

বৰ্তমান সময়ত দেশত দ্ৰুতগতিত বাঢ়িছে বৃক্কৰ ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। কিন্তু গৱেষণাত প্ৰকাশ পাইছে যে, বৃক্ক ৰোগ আমি নিজৰ জীৱন শৈলীৰ পৰিৱৰ্তন কৰি ৯০ শতাংশ বাধা দিব পাৰো।

  • Share this:
বৰ্তমান সময়ত দেশত দ্ৰুতগতিত বাঢ়িছে বৃক্কৰ ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। কিন্তু গৱেষণাত প্ৰকাশ পাইছে যে, বৃক্ক ৰোগ আমি নিজৰ জীৱন শৈলীৰ পৰিৱৰ্তন কৰি ৯০ শতাংশ বাধা দিব পাৰো। দেহৰ আৱৰ্জনা সমূহ মূত্ৰনলীৰে বাহিৰলৈ ওলিয়াই দিয়ে কিডনীয়ে। কিডনীয়ে আমাৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ছচিয়াম বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে। সেইদৰে শৰীৰত তেজ উত্‍পন্ন হোৱাৰ বাবে প্ৰয়োজনীয় হৰমন ‘এৰিথ্ৰপয়টিন’ কিডনীৰ পৰা আহে।

কিডনী বিকল হোৱাৰ প্ৰধান কাৰণ-


  •  মধুমেহ ৰোগ নিয়ন্ত্রণৰ বাহিৰত থাকিলে কিডনী বিকল হোৱাৰ সম্ভাৱনা থাকে।

  • ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলেও কিডনী ৰোগত আক্ৰান্ত হোৱা দেখা যায়।

  •  সেইদৰে সুৰাপান, ধুমপানো কিডনী বিকল হোৱাৰ অন্যতম কাৰণ।

  • ইউৰিক এচিডৰ পৰিমাণ বঢ়া, অত্যাধিক ওজন বৃদ্ধি, দেহত কলেষ্ট্ৰৰেলৰ পৰিমাণ বৃদ্ধিয়েও বৃক্কজনীত ৰোগ সৃষ্টি কৰিব পাৰে।


  •  অত্যাধিক বিষৰ টেবলেট গ্ৰহণ কৰা অতি মাৰাত্মক।


কিদৰে সুস্থ কৰি ৰাখিব নিজৰ কিডনী-

  •  বিশুদ্ধ পানী খাব লাগে। প্ৰতিদিনাই প্ৰায় ২ লিটাৰ পানী খাব লাগে।

  • মধুমেহ নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব।

  • ৰক্তচাৰ নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে।

  • ছডিয়াম একেবাৰে কম পৰিমাণে খাব লাগে।(নিমখত প্ৰচূৰ পৰিমাণে ছডিয়াম থাকে)

  • নিজৰ ওজন নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে।

  • সুৰাপান আৰু ধুমপান বৰ্জন কৰিব লাগে।


কেনে ধৰণৰ খাদ্য খাই নিজৰ বৃক্ক সুৰক্ষিত কৰি ৰাখিব পাৰিঃ

  • বৃক্ক জনীত ৰোগৰ পৰা বাচি থাকিবলৈ হ’লে নেমু টেঙা খাব লাগে। নেমু টেঙাত প্ৰচূৰ পৰিমাণে ভিটামিন চি থাকে। ই কিডনী বিশুদ্ধ কৰাটো সহায় কৰে। আনকি নেমু টেঙাই মানুহৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।

  • আপেল খালেও কিডনীৰ বাবে ভাল। আপেলত প্ৰচূৰ পৰিমাণে ভিটামিন B 6 থাকে। যি কিডনীৰ বাবে অতি উপকাৰী।


(সকলোৰে স্বাস্থ্য সমাধান একেই নহয় আৰু যিকোনো খাদ্য চিকিৎসকৰ সন্মতি নোহোৱাকৈ সেৱন নকৰাই উত্তম।)
Published by: Himangshu Bhuyan
First published: September 4, 2020, 3:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading