ধৰ্ষণৰ দৰে জঘন্য ঘটনা কিয় সংঘটিত হয়? আমাৰ দেশত এনে ঘটনা ৰোধ কৰাটো কেনেকৈ সম্ভৱ? কি ক'লে বিশেষজ্ঞই?

আমাৰ সমাজত এনে কোনো যাদু কাঠি নাই, যি ঘূৰাই দিলেই বন্ধ হৈ পৰিব লিংগ সম্বন্ধীয় সকলো অপৰাধ।
আমাৰ সমাজত এনে কোনো যাদু কাঠি নাই, যি ঘূৰাই দিলেই বন্ধ হৈ পৰিব লিংগ সম্বন্ধীয় সকলো অপৰাধ।
- News18 Assam
- Last Updated: February 19, 2021, 8:51 PM IST
বাতৰি কাকত, আলোচনী, অনলাইন প্লেটফৰ্ম, নিউজ চেনেল, ৰেডিঅ' আৰু আনকি অনানুষ্ঠানিক বাৰ্তালাপতো এই বিষয়টোক লৈ যথেষ্ট যুক্তি তৰ্ক কৰা হয়। গতিকে এই অপৰাধ ৰোধ কৰাৰ বিষয়টোক লৈ আমাৰ দেশত কোনো আলোচনা নোহোৱা বুলি কোৱাটো ভুল। যদিহে আপুনি এনে আলোচনা শুনা নাই, তেন্তে ইয়াৰ বিষয়ে অধিক সচেতন হওক আপুনি।
লিংগ ভিত্তিক হিংসাৰ বিষয়টোক লৈ আলোচনা কৰিলে কেৱল ন্যায়, অপৰাধ, শাস্তিমূলক সংস্কাৰ কাৰ্যৰ বিষয়ে আলোচনা কৰাই প্ৰয়োজন নহয়, ইয়াৰ বাবে কিছু সামাজিক নিয়ম, নৈতিক মূল্যবোধ আৰু ব্যক্তিগত আৰু সামূহিক মনোবিজ্ঞানৰ ওপৰত আলোচনা কৰাৰ প্ৰয়োজন আছে। কিয়নো আমাৰ সমাজ ব্যৱস্থা যৌন সম্পৰ্কৰ ক্ষেত্ৰত অতি ৰক্ষণশীল আৰু অতি পিতৃতান্ত্রিক।
এটা ডাঙৰ সমস্যা হিচাপে পৰিগণিত হোৱা লিংগ-ভিত্তিক হিংসা ৰোধ কৰিবলৈ হ'লে বহুতো দিশত মৌলিক পৰিৱৰ্তনৰ বাবে পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আছে।
যৌন শিক্ষা পৰামৰ্শকৰ মতে, সন্মতিৰ শক্তিৰ ওপৰত গুৰুত্ব দিব লাগে। সন্মতি এক অতি গুৰুত্বপূৰ্ণ বিষয়। প্ৰতিটো 'না' বা নহয় শব্দক সি যিমানেই সাধাৰণ নহওক কিয়, গুৰুত্বসহকাৰে ল'বলৈ চেষ্টা কৰিব লাগে। নিজৰ মাজত সহমতৰ সংস্কৃতি বিকশিত হ'বলৈ দিয়ক। আনৰ সীমা, তেওঁৰ পচন্দ আৰু অপচন্দক সন্মান কৰিবলৈ শিকক আৰু কাৰোবাৰ অনুমতি প্ৰদানক লৈ গৌৰৱান্বিত অনুভৱ কৰক । যিকোনো কাম কৰাৰ পূৰ্বে নিজৰ সংগী, আপোনজন বাৰে বাৰে সোধক।
যিমানেই আপোনাৰ সম্পৰ্ক তথা বিবাহ পুৰণি নহওক কিয়, তেওঁৰ পৰা লাভ কৰা অনুমতিয়ে আপোনাৰ মুহূৰ্তবোৰক আৰু অধিক ৰোমান্তিক কৰি তুলিব।