আজি মহা অষ্টমী, কিদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো? কি কয় ৰাশি ফলে?

News18 Assam | News18-Assam
Updated:October 24, 2020, 9:13 AM IST
আজি মহা অষ্টমী, কিদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো? কি কয় ৰাশি ফলে?
আজি মহা অষ্টমী। সৰ্বত্ৰ দেৱী দুৰ্গাৰ উপাসনা। যদিও এইবাৰ নাই বিশেষ পূজাৰ উচাহ তাৰ মাজতো দুৰ্গা দেৱীক সন্তুষ্টিৰ বাবে ভক্তই কৰিছে সকলো চেষ্টা।

আজি মহা অষ্টমী। সৰ্বত্ৰ দেৱী দুৰ্গাৰ উপাসনা। যদিও এইবাৰ নাই বিশেষ পূজাৰ উচাহ তাৰ মাজতো দুৰ্গা দেৱীক সন্তুষ্টিৰ বাবে ভক্তই কৰিছে সকলো চেষ্টা।

  • Share this:
আজি মহা অষ্টমী। যদিও এইবাৰ নাই বিশেষ পূজাৰ উচাহ তাৰ মাজতো দুৰ্গা দেৱীক সন্তুষ্টিৰ বাবে ভক্তই কৰিছে সকলো চেষ্টা। দেৱী দুৰ্গাৰ বন্দনাত মুখৰ চৌদিশ। পিছে অষ্টমীৰ এই পবিত্ৰ দিনটো কিদৰে পাৰ হ’ব আপোনাৰ। কি কয় জ্যোতিষ শাস্ত্ৰই?

মেঘ ৰাশি- আজিৰ দিনটো মেঘ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ। ব্যৱসায়ীসকলৰ বাবে আহিব পাৰে আশাৰ খবৰ। কিন্তু ঘনিষ্ঠ লোকৰ সৈতে মতভেদ হ’ব পাৰে।

বৃষ ৰাশি- ৰাজনীতিবিদৰ বাবে আজিৰ দিনটো শুভ।  পৰিয়ালৰ লোকৰ পৰা সহায় লাভ।

মিথুন- কৰ্মক্ষেত্ৰত সুখ অনুভৱ কৰিব। কোনো কামৰ বাবে ৰাইজৰ পৰা স্বীকৃতি লাভ কৰিব পাৰে। পিতৃৰ সন্মান বৃদ্ধি।

কৰ্কট- ভ্ৰমণৰ সুযোগ। চাকৰিয়ালৰ বাবে আহিব পাৰে ভাল খবৰ। পত্নীৰ সৈতে হ’ব পাৰে মতৰ পাৰ্থক্য।

সিংহ- কৰ্মক্ষেত্ৰত শুভ। স্বাস্থ্যৰ বিশেষ ভাবে যতন ল’ব লাগিব।

কন্যা- পৰিয়ালৰ পৰা বিশেষ সহায় লাভ। হাতলৈ ধন অহাৰ সম্ভাৱনা।

তুলা- সম্বন্ধীয় লোকৰ সৈতে ভ্ৰমণৰ সুবিধা। সন্তানৰ শুভ।

বৃশ্চিক- ভ্ৰমণ কৰোতে সাৱধান। শিক্ষাৰ্থীৰ বাবে দিনটো বিশেষ ভাবে মংগল।

ধনু- প্ৰেমত বাধা। সন্মান হানি হোৱাৰ ভয়।

মকৰ- পুৰণি কথাই আমনি কৰিব। পৰিয়ালৰ পৰা পূৰ্ণ সহযোগিতা লাভ।

কুম্ভ- সামাজিক কামত জড়িত হোৱাৰ সুযোগ।  পত্নীৰ শাৰীৰিক অসুস্থতা। পৰিশ্ৰমিলোকে লাভ কৰিব সুফল।

মীন- ভাতৃ-ভগ্নিৰ জৰিয়তে সু-সংবাদ লাভ কৰিব পাৰে। আজিৰ দিনটো হ’ব বিশেষ ভাবে আনন্দৰ দিন।
Published by: Himangshu Bhuyan
First published: October 24, 2020, 9:13 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading