মেষ : যি কাৰণত অস্বস্তি হৈছে, সেয়া কিমান সত্য, সেই বিষয়ে জানি লওক, সমস্যা দূৰ হ’ব।
বৃষ : মনৰ কথা শুনক, যুক্তিক প্ৰাধান্য দিলে সমস্যা বাঢ়িব পাৰে।
মিথুন : আবেগ আৰু যুক্তি – দিনটো ভালে ৰখাৰ বাবে প্ৰতিটো পদক্ষেপতে দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব।
কৰ্কট : ডাঙৰ কিবা এটা পোৱাৰ লক্ষ্যত জীৱনৰ সৰু আনন্দবোৰ অৱহেলা নকৰিব।
সিংহ : প্ৰণয়ৰ সম্পৰ্ক ঠিকেই থাকিব, কিন্তু জীৱনৰ একঘেয়ামীয়ে গ্ৰাস কৰিব পাৰে আনন্দ।
কন্যা : ব্যক্তিগত সম্পৰ্ক হওক বা কৰ্মজীৱন – জোৰ কৰি কোনো পদক্ষেপ গ্ৰহণ নকৰিব।
তুলা : একোৰে পৰা নজৰ এৰি নিদিব, সেই মতে ভৱিষ্যতৰ সিদ্ধান্ত ল’ব লাগিব।
বৃশ্চিক : ব্যক্তিগত সম্পৰ্কত মনোমালিন্য বাঢ়িলেও সেয়া ভৱিষ্যতৰ ভেটি মজবুত কৰিব।
ধনু : নিজৰ দুৰ্বলতা নহয়, বৰং সৃজনশীল স্বভাৱক আগুৱাই যোৱাৰ বাহন হিচাপে ব্যৱহাৰ কৰক।
মকৰ : যুক্তিৰে আনৰ আচৰণৰ বাখ্যা বিচাৰি নাপাব, মনৰ কথা শুনক।
কুম্ভ : কল্পনাবিলাসত দিনটো অপচয় নকৰিব, উদ্যোগী হ’লে লক্ষ্যত উপনীত হ’ব পাৰিব।
মীন : আনৰ বিৰুদ্ধে যুক্তিৰ মুখামুখি হ’ব লাগিব, তাৰ বাবে সাজু থাকক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 25, 2023, 08:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।