உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Horoscope Today: ২৪ মে’ৰ ৰাশিফল, চাওক আজিৰ দিনটো কেনে যাব আপোনাৰ?

    Horoscope Today: ২৪ মে’ৰ ৰাশিফল, চাওক আজিৰ দিনটো কেনে যাব আপোনাৰ?

    কোন ৰাশিৰ বাবে কেনে যাব আজিৰ দিনটো।

    কোন ৰাশিৰ বাবে কেনে যাব আজিৰ দিনটো।

    কোন ৰাশিৰ বাবে কেনে যাব আজিৰ দিনটো।

    • Share this:


    মেষ ৰাশি : আজি গোটেই দিনটো বহুত শক্তি থাকিব। তৃতীয় শক্তিৰ প্ৰৱেশ ঘটিব পাৰে। আজিৰ দিনটো পৰিয়াল আৰু কৰ্ম দুয়োটাৰে বাবে অতি ব্যস্ততাপূৰ্ণ দিন হ’ব।

    বৃষ ৰাশি : আজি উপভোগ কৰক কিন্তু সংযম নেহেৰুৱাব। যিসকলে সম্পৰ্কত আছে তেওঁলোকে অলপ সময়ৰ বাবে বিৰতি ল’ব পাৰে। আজি গোটেই দিনটো কামৰ মুডত থাকিব।

    মিথুন ৰাশিঃ আজি আপোনাৰ বাবে এটা ভাল দিন, গতিকে আপুনি এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিব পাৰে। অৱশ্যে বহুতে সমালোচনাৰ সন্মুখীন হ’ব পাৰে।

    কৰ্কট : চৌপাশে বহুতো কথাই আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব যিবোৰ আপোনাৰ বাবে প্ৰয়োজনীয় নহয়। আপুনি এলাৰ্জীত ভুগিব পাৰে। আজি কৰ্মক্ষেত্ৰত প্ৰমোচন পাব পাৰে।

    সিংহ ৰাশি : আজি আপুনি নানা ধৰণৰ চিন্তাত ডুবি থাকিব। যিকোনো ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে। ৰোমাঞ্চকৰ কৰ্ম পৰিৱেশ সৃষ্টি কৰিব পাৰি।

    কন্যা ৰাশি : আপুনি এই মুহূৰ্তত বহুত ব্যস্ত কিন্তু আজি সকাহ পাব। আপুনি আজি নিজৰ যোগ্যতাক লৈ সন্দেহ কৰিব আৰু নিজৰ দক্ষতাক তুচ্ছজ্ঞান কৰিবলৈ চেষ্টা কৰিব।

    তুলা ৰাশি : কৰ্মক্ষেত্ৰত হঠাতে বৃদ্ধি পোৱা মানসিক চাপে আপোনাৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে। সম্পৰ্ক বা প্ৰেম আজি আপোনাৰ বাবে বিপজ্জনক। কিন্তু কঠোৰ পৰিশ্ৰমৰ ফল পোৱা যাব।

    বৃশ্চিক ৰাশি: আপোনাৰ সম্পৰ্কত মানসিক চাপৰ সৃষ্টি হয়। আলোচনা কৰক বা মুকলিকৈ চিন্তা কৰক। তোমালোকৰ যোগ্যতা অনুযায়ী সন্মান পাব।

    ধনু : ৰোমান্তিক সম্পৰ্কৰ প্ৰতি ছিৰিয়াছ হ’বলৈ আদৰ্শ সময়। বহিঃৰাজ্যলৈ যাব বিচৰা সকলৰ সপোন পূৰ্ণ হ’বলৈ ওলাইছে। খাদ্যৰ প্ৰতি গুৰুত্ব দিয়ক।

    মকৰ ৰাশি : আজি জিৰণিৰ দিন। আজিৰ দিনটো ছিংগলৰ বাবে, মনৰ মানুহক লগ পোৱাৰ বাবে এটা ভাল দিন। বাকী থকা কাম সম্পূৰ্ণ কৰাৰ বাবে আজি এটা ব্যস্ত দিন।

    কুম্ভ ৰাশি : নিজৰ ওচৰ-চুবুৰীয়া মানুহৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। আপোনাৰ সংগীৰ সৈতে ভাল সময় কটাওক। সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক আজি সুদৃঢ় হ’ব।

    মীন ৰাশি : আজি কামৰ চাপত মানসিক চাপ বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত অত্যধিক আৱেগে আপোনাৰ কামত ব্যাঘাত জন্মাব পাৰে।

    Published by:Sanjay Kumar Das
    First published: