কোন ৰাশিৰ জাতক–জাতিকাৰ কেনে যাব আজিৰ দিনটো। কোন ৰাশিৰ জাতক–জাতিকাৰ কেনে যাব আজিৰ দিনটো। মেষ ৰাশি: খাদ্যৰ প্ৰতি মনোযোগ দিবলৈ চেষ্টা কৰক। আজি আপুনি অপ্ৰত্যাশিতভাৱে যিকোনো ভাল খবৰ পাব পাৰে।
বৃষ ৰাশি: স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু চিনাকি মানুহৰো যত্ন ল’বলৈ চেষ্টা কৰক। সংগীৰ সৈতে সম্পৰ্কৰ বিষয়ে অধিক সচেতন হওক। সময়ৰ লগে লগে কৰ্মস্থলীৰ উন্নতি হ’ব।
মিথুন ৰাশিঃ এই দিনটো ঘৰত কোনোবা এজনৰ স্বাস্থ্যৰ চিন্তাত পাৰ হ’ব বা কোনো বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যৰ চিন্তাত পাৰ হ’ব। আজি আপুনি যিকোনো নতুন চাকৰি বা আৰ্থিক উন্নতিৰ সুযোগ পাব পাৰে।
কৰ্কট : ওজন কমাব বিচাৰিলে কঠোৰ খাদ্য তালিকা মানি চলিব লাগিব। সম্পৰ্কত আভ্যন্তৰীণ বুজাবুজিৰ ক্ষেত্ৰখন বহুত শক্তিশালী হ’ব। কৰ্মক্ষেত্ৰলৈ পৰিৱৰ্তন আহি আছে।
সিংহ ৰাশি: স্বাস্থ্যক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই। আজি যথেষ্ট ৰোমান্টিক মনোভাৱ থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ অৰ্হতাৰ শলাগ লোৱা হ’ব।
কন্যা ৰাশি: আজি বিভিন্ন কাৰণত মেজাজৰ সলনি হ’ব পাৰে যিয়ে আপোনাক এক বিভ্ৰান্তিকৰ পৰিস্থিতিত পেলাব পাৰে। আপুনি আপোনাৰ সংগীৰ সৈতে সময় কটাব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰক।
তুলা ৰাশি : মনত ৰাখিব স্বাস্থ্যই আপোনাৰ ভাল কামৰ চাবিকাঠি গতিকে নিজৰ যত্ন লওক। কৰ্মক্ষেত্ৰত আহিব অভাৱনীয় সুযোগ।
বৃশ্চিক ৰাশি: স্বাস্থ্যজনিত বিষয়বোৰ এৰাই নোযোৱাকৈ মনোযোগ দিয়ক। কৰ্মস্থলীত অত্যধিক মানসিক চাপে আপোনাক প্ৰভাৱিত কৰিব পাৰে। চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ফলপ্ৰসূ দিন।
ধনুঃ এতিয়া আপুনি অৱহেলা কৰা সম্পৰ্কবোৰলৈ মন কৰক। আজি কৰ্মস্থলীত আপুনি যুক্তিসংগতভাৱে আত্মবিশ্বাসী হ’ব।
মকৰ ৰাশি: মানসিক চাপে আজি মূৰৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি হয়তো সংগীক এটা ছাৰপ্ৰাইজ দিয়া হ’ব। আৰ্থিক দিশতো আজি এটা ভাল দিন।
কুম্ভ ৰাশি: যিমান পাৰি খাদ্য সলনি কৰিবলৈ চেষ্টা কৰক। আজি কৰ্মস্থলীত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে।
মীন ৰাশি: আজি গোটেই দিনটো দুৰ্বল অনুভৱ কৰিব পাৰে। সম্পৰ্কৰ কথা আহিলে অলপ বেলেগ ধৰণে চিন্তা কৰিব পাৰি। কৰ্মক্ষেত্ৰত বিভিন্ন হেঁচাত বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
Published by: Sanjay Kumar Das
First published: May 23, 2022, 09:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|