দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ দিনটো কেনে যাব।
দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ দিনটো কেনে যাব।
মেষ : আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। সম্পৰ্কত কোনো ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। আপোনাৰ অৰ্থনৈতিক বিনিয়োগ আৰু কঠোৰ পৰিশ্ৰমে সুফল লৈ আহিব।
বৃষ : আপোনাৰ নিকট বন্ধুৱে আপোনাৰ সৈতে কোনো গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰিব পাৰে। আপোনাৰ হাঁহি–আনন্দৰ মনোভাৱেই আপোনাৰ স্বাস্থ্যৰ চাবিকাঠি। কৰ্মক্ষেত্ৰত সামান্য সমস্যা হ’ব পাৰে।
মিথুন : জীৱনৰ নানা সমস্যাই আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। আপুনি আজি বেছি ৰোমাণ্টিক ভাৱত থাকিব। আপুনি সাধাৰণতে শান্ত পৰিৱেশত কাম কৰিবলৈ ভাল পায়। কিন্তু আজি মেজাজ নষ্ট হ’ব পাৰে।
কৰ্কট : কামৰ চাপত আজি মানসিক অশান্তি হ’ব পাৰে। জ্বৰত ভুগিব পাৰে। যিসকলে ট্ৰেভেল আৰু ট্যুৰিজিমৰ ব্যৱসায়কৰে তেওঁলোকৰ বাবে দিনটো ভাল।
সিংহ : আজি কঠোৰ পৰিশ্ৰম আৰু ছিৰিয়াছ কোনো প্ৰকল্পত কাম কৰিব লাগিব পাৰে। ব্যস্ততাৰ বাবে আপোনাৰ প্ৰতিদিনৰ ৰুটিন বিঘ্নিত হ’ব পাৰে।
কন্যা : আজি আপোনাৰ গুণ আৰু কামৰ দক্ষতাক বহুতে প্ৰশংসা কৰিব। সংগীৰ সৈতে কোনো বিষয় লৈ অমত হ’ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ বিৰুদ্ধে কিছুমান পদক্ষেপ লোৱা হ’ব পাৰে।
তুলা : বহুতে আজি আপোনাক ভুল বুজিব পাৰে। আপুনি এনেকুৱা কাৰোবাৰ সৈতে দেখা কৰিবলৈ যাব পাৰে যাক আপুনি খুবেই পছন্দ কৰে। আজি খুব ভাল কামৰ অফাৰ পাব পাৰে।
বৃশ্চিক : নিজৰ সামাজিক জীৱনক উপভোগ কৰক। সম্পৰ্কত কোনো সমস্যা হ’লে সেয়া সমাধান কৰাৰ দিন আজি।
ধনু : দৈনিক ৰুটিন মানি চলাটো বিৰক্তিৰ হ’লেও ভালৰ বাবে সেয়া কৰিব লাগিব। সংগীৰ বিষয়ে আজি নতুন কিবা জানিব পাৰিব। আপুনি সম্প্ৰতি লোকচান কৰিছে, এতিয়া বিনিয়োগৰ জৰিয়তে সেয়া ঘূৰাই পাব পাৰে।
মকৰ : আজিৰ দিনটো বিভ্ৰান্তিৰে ভৰপূৰ। ইনফেকচনৰ সমস্যা হ’ব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটো খুব ভাল।
কুম্ভ : কল্পনা আৰু বাস্তৱৰ পাৰ্থক্য বুজিবলৈ চেষ্টা কৰক। মানসিক চাপৰ পৰা নিজকে মুক্ত ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। এনেকুৱা কোনো লোকৰ সৈতে দেখা হ’ব পাৰে যিয়ে আপোনাক সুন্দৰ কামৰ সুযোগ দিব।
মীন : আপুনি দীৰ্ঘদিন ধৰি অস্বাস্থ্যকৰ খাদ্য খাইছে। ইয়াৰ ফলত সমস্যা বাঢ়িব পাৰে। আৰ্থিক বিষয়ত নানা ধৰণৰ সুযোগ আহিব পাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|