মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Horoscope Today: ৰাশিফল ২০ জুলাই! এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ, জানি লওক...

Horoscope Today: ৰাশিফল ২০ জুলাই! এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ, জানি লওক...

News18 Assam | News18-Assam
Updated:July 20, 2021, 9:04 AM IST
Horoscope Today: ৰাশিফল ২০ জুলাই! এইকেইটা ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ, জানি লওক...
ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্রৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেইকাৰণে ইংৰাজীত ৰাশিক কোৱা হয় চান চাইন(Sun Sign)।

ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্রৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেইকাৰণে ইংৰাজীত ৰাশিক কোৱা হয় চান চাইন(Sun Sign)।

  • Share this:
ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্রৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেইকাৰণে ইংৰাজীত ৰাশিক কোৱা হয় চান চাইন(Sun Sign)। ইয়াত জন্মদিন অনুসৰি বুজা যায় এজন ব্যক্তি কোন ৰাশিৰ জাতক বা জাতিকা। জন্মদিন মতে চাওক আজিৰ দিনটোত কোন ৰাশিৰ কাৰণে কেনে ফলাফল?

মেষ (Aries): আপোনাৰ আকর্ষণীয় ব্যক্তিত্বই কর্মক্ষেত্রত উন্নতিৰ পথ সুগম কৰিব। দিনটো পৰোপকাৰত অতিবাহিত হ’ব। বাস্তৱবাদী দৃষ্টিভংগীৰে ভৱিষ্যতৰ কাৰ্যপন্থা হাতত লওক। সফলতা লাভ কৰিব।

বৃষ (Taurus): সহকৰ্মীসকলৰ সৈতে আজি উগ্ৰ ব্যৱহাৰ নকৰিব। নহ’লে কৰ্মক্ষেত্ৰত ডাঙৰ বিবাদ হোৱাৰ সম্ভাৱনা আছে। সেইদৰে আজিৰ দিনটোৰ কিছুমান কাম আপুনি পৰিকল্পনা নকৰাকৈয়ে হ'ব।

মিথুন (Gemini):  আজিৰ পৰা ৰুটিনৰ বাহিৰলৈ আহি কিবা এটা কৰাৰ মন বান্ধক। নিজৰ সৃজনীশীলতাক এইক্ষেত্ৰত হাতিয়াৰ কৰক।

কর্কট (Cancer):  অন্যৰ সমস্যাৰ সৈতে নিজকে জড়িত নকৰিব। চাৰিত্ৰিক দৃঢ়তা আজি বজাই ৰাখিব নোৱাৰিলে সমস্যা হ’ব পাৰে। ।যিমান সম্ভৱ, ধিৰে সুস্থিৰে আগবাঢ়ক।

সিংহ (Leo): আত্মবিশ্বাসৰ জোৰত আজি সকলো প্ৰতিবন্ধকতা জয় কৰিব পাৰিব। সকলোৰে প্ৰশংসাও পাব।

কন্যা (Virgo):  আজি অৰ্থকষ্টত পৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত অশান্তিও হ’ব পাৰে। সন্ধিয়াৰ ফালে পৰিস্থিতি ভাল হ’ব।

তুলা (Libra): আজি আপুনি যি কাম হাতত ল’ব। তাতেই উন্নতিৰ মুখ দেখিব। এই গতিকে নিজৰ যত্ন ল’বলৈ নাপাহৰিব।

বৃশ্চিক (Scorpio): আজি নিজৰ মনৰ কথা শুনি চলক। নহ’লে সহজেই বিপদত পৰিব।

ধনু (Sagittarius): আজিৰ দিনটো হৈ চৈৰ মাজত কটাবলৈ ইচ্ছা কৰিব। সেই সুযোগত পাব আনন্দ।

মকৰ (Capricorn): কর্মক্ষেত্রত আপোনাৰ দায়িত্ববোধে অন্যসকলক মুগ্ধ কৰিব, সহকর্মীসকলৰ আদর্শ হৈ উঠিব আপুনি।

কুম্ভ (Aquarius):  বিশ্বাসযোগ্য বন্ধুৰ সৈতে মন খুলি কথা পাতক। নিজৰ সমস্যাৰ কথা কওক, সমাধানৰ পথ ওলাব।

মীন (Pisces): কর্মক্ষেত্রত আজি উন্নতিৰ সম্ভাৱনা আছে। যিকোনো প্রতিবন্ধকতা জয় কৰিব পাৰিব।
Published by: Himangshu Bhuyan
First published: July 20, 2021, 9:04 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি