• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Horoscope Today : ৯ নৱেম্বৰৰ ৰাশিফল, চাওক আপোনাৰ দিনটো আজি কেনে যাব

Horoscope Today : ৯ নৱেম্বৰৰ ৰাশিফল, চাওক আপোনাৰ দিনটো আজি কেনে যাব

কোন ৰাশিৰ জাতক–জাতিকাৰ কেনে যাব আজিৰ দিনটো।

কোন ৰাশিৰ জাতক–জাতিকাৰ কেনে যাব আজিৰ দিনটো।

কোন ৰাশিৰ জাতক–জাতিকাৰ কেনে যাব আজিৰ দিনটো।

  • Share this:
মেষ : আনৰ কথা নাভাবি নিজৰ মতে থকাৰ সময় আহিছে। কেৱল চাব আপোনাৰ কথাত কোনোৱে যাতে আঘাত নাপায়।

বৃষ : বিষয়–সম্পত্তিৰ দিশে কিছু হ’লেও মনোযোগ দিব লাগিব। ঘনিষ্ঠসকলৰ সহায় প্ৰয়োজন হ’ব পাৰে, তেওঁলোকক জনাই ৰাখক।

মিথুন : দিনটোৰ প্ৰথমভাগ অনুকূল থাকিব, ইয়াৰ মাজতে কাম কৰি যাওক, সন্ধিয়া অপ্ৰত্যাশিত অতিথিৰ আগমন হ’ব পাৰে।

কৰ্কট : নিজকে সময় দিব লাগিব, কিন্তু হৈ–চৈ নহয়। বৰং বিশ্ৰামত আৰু শান্তিপূৰ্ণ পৰিৱেশত সময় কটালে শৰীৰ–মন ভালে থাকিব।

সিংহ : প্ৰতিপক্ষৰ বাধা নেওচি আগুৱাব লাগিব, সেয়ে পূৰ্বৰে পৰা তেওঁলোকক পৰাজিত কৰাৰ কৌশল ভাবি ৰাখিলে সকলো ঠিকেই থাকিব।

কন্যা : ব্যক্তিগত জীৱন হওক বা কৰ্মজীৱন – সুখবৰ পোৱাৰ সম্ভাৱনা আছে, যিয়ে ভৱিষ্যতে নানা দিশৰ পৰা লাভজনক সাব্যস্ত হ’ব পাৰে।

তুলা : মাত্ৰাধিক খৰচে সঞ্চয় ধ্বংস কৰে, আত্মসুখ নিদিয়ে, সেয়া মনত ৰাখি নিজকে সংযত কৰি খৰচ কমালে উপকৃত হ’ব।

বৃশ্চিক : কিছুক্ষেত্ৰত সহায় আৰু পৰামৰ্শৰ প্ৰয়োজন হ’ব পাৰে, সেয়ে আগন্তুক পৰিকল্পনাক লৈ প্ৰিয়জনৰ সৈতে আলোচনা কৰা উচিত হ’ব।

ধনু : অতীতৰ কাৰোবাৰ সৈতে দেখা হ’ব পাৰে যিয়ে ভৱিষ্যতে কামত আহিব, সেয়ে সহায় কৰিবলৈ আৰু ল’বলৈ মনত সংকোচ ৰাখিলে নহ’ব।

মকৰ : আনক নিয়ন্ত্ৰণ কৰাৰ অভ্যাস এৰিব লাগিব। ঘনিষ্ঠজনৰ পৰা অপ্ৰত্যাশিত কোনো খবৰ পোৱাৰ বাবে নিজকে প্ৰস্তুত ৰাখক।

কুম্ভ : বিশ্লেষণী স্বভাৱৰ বাবে যিকোনো সমস্যাৰ সমাধান কৰা সহজ হ’ব। আনেও এই গুণৰ বাবে প্ৰশংসা কৰিব, সৰ্বত্ৰ সমাদৰ লাভ কৰিব।

মীন : ভাগ্যৰ ওপৰত সম্পূৰ্ণ ভৰসা নকৰি সঞ্চয়ত মন দিয়া প্ৰয়োজন। ঘনে ঘনে মেজাজ পৰিৱৰ্তনে নিজৰ আৰু আনৰ বাবে সমস্যা আনিব পাৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি