মেষ : আত্মীয়ৰ সৈতে বিবাদ হ’ব পাৰে। কৰ্মক্ষেত্ৰত শুভ ফল পাব। আৰ্থিক বৃদ্ধিৰ সম্ভাৱনা আছে।
বৃষ : স্বাস্থ্যক লৈ সতৰ্ক হৈ থাকিব লাগিব। খৰখেদাকৈ একো সিদ্ধান্ত নোলোৱাই ভাল। যুক্তি প্ৰয়োগত সফলতা লাভ কৰিব।
মিথুন : অৰ্থ প্ৰাপ্তিৰ যোগ আছে। কোনো ভাল খবৰ পাব পাৰে। কৰ্মক্ষেত্ৰত প্ৰতিকূলতা আয়ত্তলৈ আহিব।
কৰ্কট : ঘৰত অতিথিৰ আগমন ঘটিব। অধিক খৰচৰ বাবে আৰ্থিক চাপ পৰিব। মনঃসংযোগত বিঘিনি ঘটাৰ সম্ভাৱনা আছে।
সিংহ : দাম্পত্য কলহ বাঢ়িব। কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে। মগজু শীতল কৰি ৰাখি সকলো দিশ চম্ভালিব লাগিব।
কন্যা : ব্যৱসায় বিবাদ, আৰ্থিক ক্ষতিৰ সম্ভাৱনা আছে। প্ৰতিৱেশীৰ ব্যৱহাৰত মনোকষ্ট পাব পাৰে। বিবাদলৈ নোযোৱাই ভাল।
তুলা : কৰ্মক্ষেত্ৰত মগজু ঠাণ্ডা কৰি ৰাখক। আজি খৰচ বাঢ়িব। আধ্যাত্মিক পথত বাধা আহিব পাৰে।
বৃশ্চিক : ব্যৱসায়ত শুভ ফল পাব। কোনো ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অগ্ৰগতিয়ে সফলতা আনিব।
ধনু : নতুন গৃহ নিৰ্মাণৰ সম্ভাৱনা আছে। দাম্পত্য কলহ বৃদ্ধি পাব পাৰে। কথা কওঁতে সাৱধান হওক।
মকৰ : কৰ্মত পদোন্নতিৰ যোগ আছে। ৰাস্তাই–ঘাটে সাৱধান চলা–ফুৰা কৰিব লাগিব। আৰ্থিক লাভ বৃদ্ধিৰ সম্ভাৱনা আছে।
কুম্ভ : সম্পত্তিৰ ক্ষয় হোৱাৰ সম্ভাৱনা আছে। প্ৰেমত বাধা আঁতৰিব। বিদেশ ভ্ৰমণৰ সুযোগ আহিব পাৰে।
মীন : আয়ৰ তুলনাত ব্যয় বাঢ়িব। চাকৰিত উন্নতিৰ যোগ আছে। প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|