মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Horoscope Today : আজি প্ৰলোভনত পৰাৰ আশংকা আছে এই ৰাশিৰ লোকসকল, চাওক ৮ ফেব্ৰুৱাৰীৰ ৰাশিফল

Horoscope Today : আজি প্ৰলোভনত পৰাৰ আশংকা আছে এই ৰাশিৰ লোকসকল, চাওক ৮ ফেব্ৰুৱাৰীৰ ৰাশিফল

দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আজিৰ ভাগ্য়ফল

দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আজিৰ ভাগ্য়ফল

  • Share this:
মেষ : এই সময়ত কোনো ডাঙৰ সিদ্ধান্ত লোৱা উচিত নহ’ব। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক।

বৃষ : নিজৰ সৃজনশীলতাৰ প্ৰশংসা নাপালে মন ভাৰাক্ৰান্ত হ’ব পাৰে। ধৈৰ্য ধৰিব লাগিব। যান–বাহন চলোৱাৰ সময়ত সতৰ্ক হ’ব লাগিব।

মিথুন : নতুন উদ্যমেৰে কাম কৰক। পৰিয়াল আৰু কৰ্মক্ষেত্ৰৰ মাজত ভাৰসাম্য বজাই ৰাখক। মন ভালে ৰাখিবলৈ ধ্যান কৰিব পাৰে।

কৰ্কট : আবেগপ্ৰৱণতা বৃদ্ধি পাব পাৰে, কোনো প্ৰলোভনত পৰাৰ আশংকা আছে। সামাজিক মনোভাৱ বৃদ্ধি পাব।

সিংহ : গতানুগতিক জীৱনৰ মাজতো আনন্দ উপভোগ কৰাটো প্ৰয়োজন। অস্বাস্থ্যকৰ জীৱনধাৰাৰ পৰা ওলাই আহিব লাগিব।

কন্যা : এই সময়খিনি ইতিবাচক। প্ৰেম জীৱন আকৰ্ষণীয় হ’ব। ভাল কামৰ সুযোগ পোৱা যাব পাৰে। কিন্তু বদলিৰ সম্ভাৱনা আছে।

তুলা : ব্যস্ততাৰ মাজেৰে সময় পাৰ হ’ব। চকুৰ সমস্যাৰ প্ৰতি সতৰ্ক হওক। উত্তৰাধিকাৰ সূত্ৰে অৰ্থ প্ৰাপ্তিৰ সম্ভাৱনা।

বৃশ্চিক : ব্যস্ততাৰ মাজত সময় পাৰ হ’ব। সময় মতে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ চাপ থাকিব পাৰে।

ধনু : নিজৰ পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ সৈতে কৰা কামে এই সময়ত ফল দিবলৈ আৰম্ভ কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে।

মকৰ : শুভ সংবাদ আহিব পাৰে। দীৰ্ঘদিন ধৰি কৰা গুৰুত্বপূৰ্ণ কোনো কামে ফল দিব পাৰে।

কুম্ভ : আবেগপ্ৰৱণ হৈ কোনো সিদ্ধান্ত ল’লে সেয়া ভুল হ’ব পাৰে। নতুন কোনো বন্ধু লাভ কৰিব পাৰে। বিশ্ৰাম লোৱাৰ প্ৰয়োজন হ’ব পাৰে।

মীন : ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ঘৰৰ সংস্কাৰ বা নতুন ঘৰলৈ স্থানান্তৰৰ সম্ভাৱনা আছে।

(এই প্ৰতিবেদনৰ তথ্য News18 অসমৰ নিজস্ব মত নহয়। সঠিক ফল পোৱাৰ বাবে বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক)

শেহতীয়া বাতৰি