মেষ : ট্ৰেভেলৰ পেছাত জড়িতসকলৰ বাবে শুভ দিন। সম্পত্তিত বিনিয়োগ কৰিব পাৰে।
বৃষ : শিল্পীসকলৰ বাবে ভাল দিন। শৰীৰৰ যতন ল’ব লাগিব। নিজৰ আৰ্থিক দিশত নিয়ন্ত্ৰণ আনিব লাগিব।
মিথুন : কেৰিয়াৰৰ দিশত নজৰ দিবলৈ গৈ ব্যক্তিগত সম্পৰ্কক অৱহেলা নকৰিব। কামৰ বাবে আপোনাৰ ওপৰত চাপৰ পৰিব।
কৰ্কট : দুঃশ্চিন্তা আঁতৰাবলৈ বন্ধু বা প্ৰিয়জনৰ সৈতে সময় কটাওক। নতুন চাকৰিৰ সুযোগ আছে।
সিংহ : কামৰ ক্ষেত্ৰত বহুতেই আপোনাৰ পথত বাধাৰ সৃষ্টি কৰিব। কিন্তু আপুনি নিজৰ কাম কৰি যাওক, সফলতা আহিবই।
কন্যা : ৰোমাণ্টিক মুডত থাকিব। পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সময় কটোৱাৰ চেষ্টা কৰক।
তুলা : সংগী বা সংগিনীৰ পৰা ভাল খবৰ পাব পাৰে। ব্যৱসায়িক লেনদেন কৰাৰ বাবে আজি শুভ দিন।
বৃশ্চিক : সম্পৰ্কত নতুন স্তৰ আৰম্ভ হ’ব পাৰে। কামৰ প্ৰতি আবেগপ্ৰৱণ মনোভাৱ ৰাখক। কৰ্মক্ষেত্ৰত নিজৰ শ্ৰেষ্ঠখিনি দিয়াৰ চেষ্টা কৰক।
ধনু : আপুনি কোনো কনফাৰেন্স বা ছেমিনাৰ সঞ্চালনা কৰিব পাৰে। কিন্তু আপোনাৰ পছন্দমতে সময়ক লৈ দ্বন্দ্ব হ’ব পাৰে। দৈনিক খাদ্যাভাসত গুৰুত্ব দিয়ক।
মকৰ : কৰ্মক্ষেত্ৰত সমালোচনাৰ সন্মুখীন হ’বলগীয়া হ’লেও আপুনি নিৰাশ নহ’ব। বৰং কামৰ প্ৰতি আপুনি নিষ্ঠাবান হৈ থাকক।
কুম্ভ : আপোনাৰ সকলো মনোযোগ কেৰিয়াৰত নিদি পৰিয়ালকো সময় দিয়ক। অতীতৰ কোনো তিক্ত অভিজ্ঞতাক বৰ্তমানৰ সম্পৰ্কত চাপ পেলাবলৈ নিদিব।
মীন : স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। পৰিয়ালৰ সৈতে সময় কটোৱাৰ বাবে ভাল দিন। আৰ্থিক সমস্যাত পৰাৰ সম্ভাৱনা আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|