মেষ : অহংকাৰক প্ৰশ্ৰয় নিদিয়াই উচিত হ’ব। আবেগৰ সলনি যুক্তিৰে কথাবোৰ ভাবি চালে ভাল।
বৃষ : স্বভাৱগত সৰলতাৰ বাবে সমস্যাত পৰিবলগীয়া হ’লেও ইয়াৰ পৰা পৰিত্ৰাণ পাব শীঘ্ৰে।
মিথুন : আত্মীয় বা পৰিচিত, কাষৰ কোনো লোকক বিশ্বাস কৰিব পাৰিলে ভৱিষ্যৎ উজ্জ্বল হ’ব।
কৰ্কট : পৰিকল্পনা আৰু বাস্তব বুজি লৈ পদক্ষেপ লোৱা প্ৰয়োজন, অন্যথা পদে পদে বিড়ম্বনাৰ সন্মুখীন হ’বলগীয়া হ’ব।
সিংহ : খৰচ কমাব লাগিব। পৰিয়ালৰ কাৰো সৈতে মতান্তৰৰ সম্ভাৱনা আছে।
কন্যা : পৰিয়াল–আত্মীয়ক সময় দিব লাগিব, তেওঁলোকৰ সৈতে দিনটো ভালদৰে পাৰ হ’ব, বিশেষ কিছু শিকিবও পাৰিব।
তুলা : সৰু–সুৰা সমস্যাক গুৰুত্ব দিলে নহ’ব। প্ৰয়োজন অনুসৰি কাম হাতত লৈ শেষ কৰক।
বৃশ্চিক : নিজৰ লক্ষ্য পূৰণত এইবাৰ উদ্যোগী হ’ব লাগিব, তাৰ লগতে স্বাস্থ্যৰ যত্ন লোৱাৰ একান্ত প্ৰয়োজন।
ধনু : অহংকাৰ দূৰত ৰাখি আত্মসমালোচনা কৰিব পাৰিলে নানা সমস্যাৰ সমাধান শীঘ্ৰে ধৰা দিব।
মকৰ : পুৰণি কাম শেষ নকৰি নতুন কামত হাত দিয়া উচিত নহ’ব।
কুম্ভ : প্ৰত্যাশাতকৈ দ্ৰুততাৰে কাম আগুৱাব। ভৱিষ্যতৰ পৰিকল্পনা পৰিয়ালক জনোৱা উচিত।
মীন : স্বাস্থ্য ভালে থাকিব। দিনটো সুন্দৰভাৱে পাৰ হ’ব। কিন্তু আজিৰ দিনটোত টকা ধাৰলৈ নিদিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|