মেষ : নিজৰ লক্ষ্য স্থিৰ ৰাখি আগুৱাই যাব লাগিব। ৰিয়েল ইষ্টেটত বিনিয়োগ কৰাৰ বাবে উপযুক্ত সময়।
বৃষ : এই সময়ত বিশেষ কোনো সুযোগে অপেক্ষা কৰিছে আপোনাৰ বাবে। কিন্তু, পুৰণি কাৰোবাৰ সৈতে দেখা কৰাৰ পূৰ্বে চিন্তা–চৰ্চা কৰাৰ প্ৰয়োজন আছে।
মিথুন : আগন্তুক সময়ত ভাল সময়ে অপেক্ষা কৰিছে। আত্মবিশ্বাস বাঢ়িব, বহুদিনৰ চেষ্টাৰ ফল পোৱা আৰম্ভ হ’ব।
কৰ্কট : নিজৰ সিদ্ধান্তৰ ওপৰতে ভাগ্য নিৰ্ভৰ কৰিছে। সেয়ে, যিকোনো সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে ভালকৈ চিন্তা কৰা প্ৰয়োজন।ষ
সিংহ : যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে অলপ চিন্তা কৰা প্ৰয়োজন। আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিলে লাভৰ সম্ভাৱনা আছে।
কন্যা : কোনো ঋণ থাকিলে, সেয়া অবিলম্বে পৰিশোধ কৰা দৰকাৰ। ঘনিষ্ঠ কোনো বন্ধুৱে অবিশ্বাস কৰা আৰম্ভ কৰিব পাৰে।
তুলা : পূৰ্বে হেৰুওৱা সুযোগ পুনৰ ঘূৰাই পাব পাৰে। পেলাই ৰখা কাম খৰখেদাকৈ শেষ কৰা প্ৰয়োজন।
বৃশ্চিক : ব্যস্ততাৰে ভৰা সময় আহিব। আহিব নতুন নতুন সুযোগ।
ধনু : লক্ষ্যত উপনীত হোৱাৰ বাবে সঠিক সিদ্ধান্ত গ্ৰহণ কৰা দৰকাৰ। আৰ্থিক ক্ষেত্ৰত কিছু সমস্যা থাকিলেও সেয়া দূৰ হ’ব।
মকৰ : এই সময়ত কিছু সতৰ্ক হৈ থকা প্ৰয়োজন। প্ৰিয়জনৰ কোনো ধৰণর চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে।
কুম্ভ : প্ৰিয়জনৰ ব্যৱহাৰত পৰিৱৰ্তন আহিব পাৰে। চিন্তাৰ কাৰণ নাই, সময়ৰ সৈতে সকলো ঠিক হৈ যাব।
মীন : গুৰুত্বপূৰ্ণ তথ্য আৰু নথি যত্ন কৰি ৰখা অতি প্ৰয়োজন। আনৰ সৈতে সম্পৰ্ক ভাল কৰাৰ উপযুক্ত সময়।
(এই প্ৰতিবেদনৰ তথ্য News18 অসমৰ নিজস্ব মত নহয়। সঠিক ফল পোৱাৰ বাবে বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক)Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 06, 2023, 13:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|