মেষ : আনৰ প্ৰতি সহমৰ্মিতাই দিনৰ যাৱতীয় প্ৰতিবন্ধকতা দূৰ কৰাত সহায় কৰিব, ভৱিষ্যতেও উপকাৰ পাব।
বৃষ : পৰিস্থিতিয়ে গুৰুত্বপূৰ্ণ পদক্ষেপৰ পৰিৱেশ তৈয়াৰ কৰিব, সিদ্ধান্ত যেন সঠিক হয়, মূৰ ঠাণ্ডা ৰখা উচিত।
মিথুন : আবেগক নিয়ন্ত্ৰণত ৰাখিব পাৰিলে যিকোনো বাধা জয় কৰা সহজ হ’ব, কামৰ প্ৰতি মন দিয়া প্ৰয়োজন।
ক
ৰ্কট : পৰিয়ালৰ সদস্যসকলৰ যত্ন লোৱা প্ৰয়োজন। ঘৰ আৰু কামৰ মাজত ভাৰসাম্য বজাই ৰাখিব লাগিব।
সিংহ : পেছাদাৰী আচৰণৰ পথত বাধা হৈ উঠিব আবেগ, তাক চম্ভালি ৰাখিব লাগিব। নিৰ্দিষ্ট তাৰিখৰ ভিতৰত কাম শেষ কৰিব লাগিব।
কন্যা : বিবাদত সোমাই পৰাৰ পূৰ্বে পৰিস্থিতি চাই লওক, সমস্যাৰ সমাধান নিজৰ মাজতে হৈ যাব। আনক দোষ দিয়া উচিত নহয়।
তুলা : কোনো কথা বিচৰা ধৰণে ন’হলে সেয়া স্পষ্টভাৱে কৈ দিয়ক, তেতিয়াহে আনসকল সজাগ হ’ব। অপছন্দৰ সৈতে আপোচ নকৰিব।
বৃশ্চিক : চাৰিওফালৰ সকলো স্পৰ্শকাতৰ হৈ থাকিব। জানি–বুজি পদক্ষেপ লওক। বিশ্বাসীসকলৰ ওপৰত কেৱল আস্থা ৰাখিব পাৰে।
ধনু : নিজক চাহিদাৰ কথা স্পষ্টকৈ নক’লে সুবিধা নহ’ব। সেয়ে উদ্যোগী হোৱা দৰকাৰ, পৰিশ্ৰমৰ ফল পাব।
মকৰ : দিনটো বিবাদেৰে ভৰা, মগজু শীতল কৰি ৰাখক। দিনটো সাৱধানে চলক।
কুম্ভ : নিজৰ অধিকাৰৰ বাবে যুঁজিব লাগিব, ন’হলে ন্যায্য প্ৰাপ্তি নাপাব। কিন্তু আচৰণত নম্ৰতা ৰখাটো প্ৰয়োজন।
মীন : পোনে পোনে সংঘৰ্ষলৈ নগৈ যুক্তি ব্যৱহাৰ কৰক। বিপক্ষ পৰাজিত হ’ব, লক্ষ্যৰ দিশত আগুৱাবলৈ মগজু শীতল কৰি ৰাখিব লাগিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|