মেষ : ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে বিবাদৰ সম্ভাৱনা আছে, সেয়ে সংযত পদক্ষেপ বাঞ্ছনীয়।
বৃষ : আবেগ আৰু যুক্তিৰ মাজত ভাৰসাম্য বজাই ৰাখিব পাৰিলে কৰ্মক্ষেত্ৰত উন্নতি হ’ব।
মিথুন : গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মনত দ্বিধা নাৰাখিব, এতিয়া পদক্ষেপ লোৱাৰ সময়।
কৰ্কট : স্পতঃস্ফূৰ্তভাৱে কাম কৰক, নহ’লে ডাঙৰ সুযোগ হাতৰ পৰা গুচি যাব পাৰে।
সিংহ : পৰিস্থিতিৰ সৈতে পদক্ষেপৰ সালসলনি বাঞ্ছনীয়, এই কথা নাপাহৰিব।
কন্যা : কিছু ক্ষেত্ৰত বিবাদৰ সম্ভাৱনা আছে, এইক্ষেত্ৰত মনৰ কথা খোলাকৈ কোৱা প্ৰয়োজন।
তুলা : পৰিস্থিতিৰ সৈতে খাপ খাব লাগিব, কঠিন হ’লেও ধৈৰ্য ধৰিব লাগিব।
বৃশ্চিক : সৌভাগ্যৰ দুৱাৰ খুলিব পাৰে, মগজু শীতল কৰি ৰাখি সুযোগৰ সদ্ব্যৱহাৰ কৰক।
ধনু : মনোমালিন্য আৰু বিবাদৰ দিন, সেয়েহে দিনটো মগজু শীতল কৰি ৰাখিব লাগিব।
মকৰ : অতীতত যি কাম আহিছে, তাত লাভ নহ’ব, গতিকে জানি–বুজি পদক্ষেপ লওক।
কুম্ভ : শুভাকাংক্ষীসকলৰ সৈতে কথা পাতিলে সমস্যাৰ সমাধান হ’ব। নিজকে লুকুৱাই নাৰাখিব।
মীন : একচেতিয়া মনোভাৱে সমস্যা বঢ়াব পাৰে, সেয়ে পৰিস্থিতিৰ দাবী অনুসৰি সিদ্ধান্ত লওক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 31, 2023, 08:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|