মেষ : কৰ্মক্ষেত্ৰৰ সমস্যা অৱশেষত দূৰ হ’ব। কথা–বাৰ্তাত নম্ৰতা বজাই ৰখা প্ৰয়োজন।
বৃষ : কাষৰ কোনোৱে ক্ষতি কৰিব বিচাৰিছে। সমস্যা দূৰ কৰিবলৈ মনৰ ওপৰত ভৰসা নকৰি যুক্তি–বুদ্ধিৰ প্ৰয়োগ কৰা উচিত।
মিথুন : খৰচ নকমালে সমস্যা হ’ব, আৰ্থিক ক্ষেত্ৰত পৰিয়ালৰ বক্তব্য শান্ত মগজুৰে শুনা উচিত হ’ব।
কৰ্কট : কামৰ চাপ বৰ্তমান নকমিব, অভিযোগ কাটি কৰি সেয়া কৰি যাব লাগিব, তেতিয়াহে ভৱিষ্যতে সুফল লাভ কৰিব।
সিংহ : অপ্ৰয়োজনীয় সকলোবোৰ জীৱনৰ পৰা আঁতৰ কৰিব লাগিব। দ্বিধা থাকিলেও পদক্ষেপ লোৱাৰ সময় আহিছে।
কন্যা : তৰ্কাতৰ্কি কৰি কোনো লাভ নহ’ব। শীতল মগজুৰে নিজৰ বক্তব্য আগবঢ়াব লাগিব, অন্যথা সমস্যা বাঢ়িব।
তুলা : সময় যোৱাৰ লগে লগে আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। পুৰণি বন্ধুবৰ্গৰ সৈতে আনন্দ দিনটো পাৰ হ’ব।
বৃশ্চিক : আনৰ কথাত বিভ্ৰান্তি বাঢ়িব, সেয়ে সেয়া শুনিলেও মনে যি কয় তাৰ ওপৰত ভৰসা কৰি সিদ্ধান্ত ল’ব লাগিব।
ধনু : বিনিয়োগৰ ফান্দত বৰ্তমান ভৰি নিদিয়াই ভাল, বিশেষকৈ স্বাস্থ্যৰ যত্ন লোৱাৰ প্ৰয়োজন, হাতলৈ টকা আহিব পাৰে।
মকৰ : মেজাজ আন দিনৰ তুলনাত শান্ত হৈ থাকিব। জীৱনক নতুন চকুৰে চোৱা সহজ হ’ব। আনৰ সমস্যাও সহজতে দূৰ কৰিব পাৰিব।
কুম্ভ : অধৈৰ্য হ’লে কোনো কামত সফলতা লাভ নকৰিব, বৰং গুৰুত্বপূৰ্ণ অংশীদাৰী কাম হাতৰ পৰা যাব পাৰে।
মীন : সকলো দিশৰ পৰা দিনটো ভালে যাব। স্বভাৱৰ সমাদৰ হ’ব সৰ্বত্ৰ। অহংকাৰক প্ৰশ্ৰয় নিদিয়াই উচিত হ’ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|