মেষ : জমা হৈ থকা কাম আজিৰ কৰিব লাগিব, ফলত দিনটো পৰিশ্ৰমৰ মাজেৰে যাব, কোনো পৰিস্থিতিতে আজি উত্তেজিত নহ’ব, বিতৰ্কত জড়িত নহ’ব।
বৃষ : আজি যিমান সম্ভৱ শান্ত হৈ ইতিবাচক মনোভাৱেৰে চলক। ভৱিষ্যতে সুফল পাব। কোনোৱে তৰ্কাতৰ্কি কৰিব বিচাৰিলে এৰাই চলাই উচিত।
মিথুন : সম্পৰ্ক হওক বা কৰ্মজীৱন– এইবাৰ সকলো দ্বিধা কাটি কৰি পদক্ষেপ লোৱাৰ সময় আহিছে, এতিয়া মন নগ’লেও এই উদ্যোগে ভৱিষ্যতৰ সময় সমৃদ্ধ কৰি তুলিব।
কৰ্কট : কোনো বিশেষ সমস্যাই ব্যতিব্যস্ত কৰি ৰাখিলে তাৰ সমাধান কৰক, কিন্তু অধৈৰ্য হৈ পৰিলে লাভ নহ’ব। সেয়ে শীতল মগজুৰে আজি সিদ্ধান্ত লওক।
সিংহ : কৰ্মজীৱনৰ পৰা ব্যক্তিগত জীৱনলৈ নানা চাহিদা আহি পৰিব পাৰে, চিন্তা নাই, খুব অপ্ৰত্যাশিতভাৱে কোনো সহায়ৰ হাত আগবঢ়াব।
কন্যা : দিনটো আজি ভালদৰে পাৰ হ’ব। হৈ–চৈ নহ’লেও আনন্দৰ অভাৱ নহয়। কৰ্মক্ষেত্ৰত খুব ব্যতিক্ৰম চিন্তাৰ বাবে সমাদৰ পাব।
তুলা : আনৰ আকৰ্ষণৰ কেন্দ্ৰত থকা আপোনাৰ স্বভাৱ। আজিও সেই পৰিস্থিতি চম্ভালিব পাৰিব অনায়াসে। কিন্তু নিজকে সময় দিয়া প্ৰয়োজন আজি।
বৃশ্চিক : পৰিস্থিতিৰ প্ৰতিকূলতাত মন আবেগপ্ৰৱণ হৈ থাকিব। যিকোনো কাম কঠিন যেন লাগিব, সেয়ে গুৰুত্বপূৰ্ণ কোনো সিদ্ধান্ত আজি নোলোৱাই ভাল হ’ব।
ধনু : কৰ্মজীৱন বা ব্যক্তিগত জীৱনৰ কোনো অপ্ৰত্যাশিত ঘটনাই আজি হতাশাৰ সৃষ্টি কৰিব পাৰে। কিন্তু সেয়া সাময়িক, নিজকে শান্ত ৰাখি কাম কৰি যাওক।
মকৰ : কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো সহজ হৈ পৰিব। জীৱনৰ কোনো ক্ষেত্ৰতে এতিয়া আত্মবিশ্বাসৰ অভাৱ নহ’ব।
কুম্ভ : পাৰিবাৰিক জীৱন কোনো আত্মীয়ৰ বাবে বিপৰ্যস্ত হ’ব পাৰে। ভাঙি নপৰিব, মূৰ ঠাণ্ডা ৰাখি সময় পাৰ কৰক, সকলো ঠিক হৈ যাব।
মীন : আজি নিজৰ মাজতে অভূতপূৰ্ব এক শক্তি অনুভৱ কৰিব, বুজিব পাৰিব যে সমস্যাৰ সমাধানৰ বাবে আন কাৰো ওপৰতে নিৰ্ভৰ কৰাৰ প্ৰয়োজন নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|