Horoscope Today, 29 October 2020: তিনিটা ৰাশিৰ জাতক–জাতিকাৰ মিলিছে বিবাহযোগ, জানক জ্যোতিষে কি কয়?

News18 Assam | News18-Assam
Updated:October 29, 2020, 10:20 AM IST
Horoscope Today, 29 October 2020: তিনিটা ৰাশিৰ জাতক–জাতিকাৰ মিলিছে বিবাহযোগ, জানক জ্যোতিষে কি কয়?
Source-Google

জানক আজিৰ দিনটোৰ ৰাশিফল।

  • Share this:
মেষঃ লাহ–বিলাসৰ সামগ্ৰী ক্ৰয় কৰোতে প্ৰয়োজনতকৈ অধিক ধন খৰছ নকৰিব। বৈবাহিক বান্ধোনত বান্ধ খোৱাৰ ভাল সময়। আপোনাৰ কাৰণে আপোনাৰ প্ৰিয়জন ভাল খবৰৰ বাহক হ’ব। গুৰুত্বপূৰ্ণ বিষয়সমূহত মন দিয়াৰ প্ৰয়োজন। যদি বিবাহিত আপোনাৰ জীৱনসংগীয়ে আপোনাক সহায় কৰিব।

বৃষঃ পৰিয়ালৰ চিকিৎসাৰ কাৰণে হোৱা খৰছক নস্যাৎ কৰিব নোৱাৰিব। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ পৰিকল্পনা সমূহ গোপনে ৰাখক। জীৱন আৰু কৰ্মৰে আনৰ কাৰণে এক আদৰ্শ হওক। জীৱনত সঁচা প্ৰেমৰ অনুপস্থিতি অনুভৱ কৰিব অৱশ্যে সময়ৰ সৈতে আপোনাৰ এই দিশত উন্নতি হ’ব। কাৰ্যালয়ত আপোনাৰ বছে আপোনাক কমকৈ গুৰুত্ব দিব সেইকাৰণে আপুনি নিজৰ কামসমূহ ভালকৈ কৰক। জীৱনৰ সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিত আপুনি নিজৰ জীৱনসংগীৰ সম্পূৰ্ণ সহযোগ পাব। বেছি দৌৰা–ধপৰা আজিৰ দিনটোত নকৰিব।

মিথুনঃ স্বাস্থ্য সংক্ৰান্তীয় দিশত মন কৰাৰ প্ৰয়োজন আছে। যিসকল লোকক আপুনি ভালকৈ জানে সেইসকলৰ পৰা আমদানিৰ নতুন স্ৰোত লাভ কৰিব। বন্ধুৰ সৈতে সন্ধিয়া কটোৱা বা কিনা–কুটা কৰাৰ কাৰণে ভাল সময়। প্ৰেমৰ দৃষ্টিকোনৰ পৰা ভাল দিন। কোনো আইনগত বিষয়ত উকীলৰ পৰা পৰামৰ্শ লোৱাৰ ভাল দিন। আজি আপোনাৰ জীৱনসংগীয়ে আপোনাৰ স্বাস্থ্যৰ প্ৰতি অসংবেদনশীল হ’ব পাৰে। দিনটো চিজিল কৰি কটাওক।
First published: October 29, 2020, 10:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading