মেষ : সফলতাৰ লক্ষ্যত অগ্ৰগতি কোনেও ৰুধিব নোৱাৰিব, একাগ্ৰচিত্তে সকলো দৰকাৰী কাম কৰি পেলোৱা প্ৰয়োজন।
বৃষ : দিনটো আবেগপ্ৰৱণ হৈ থাকিব, মনৰ কথা সকলোকে খুলি কোৱা ভাল। ফলত সহযোগিতা আৰু সমস্যাৰ পৰা মুক্তিৰ উপায় ওলাব।
মিথুন : বাস্তৱতাৰ প্ৰয়োজনত অহংভাৱ এৰি আনৰ সহায লওক, কাংক্ষিত পৰিৱৰ্তনৰ সূচনা আহিব পাৰে, আগুৱাই যাওক।
কৰ্কট : পৰিৱৰ্তন অৱশ্যম্ভাৱী। সকলো দিশ ভাবি–চিন্তি সেয়া গ্ৰহণ কৰক। বিপুল উন্নতিৰ সুযোগ সন্মুখলৈ আহি আছে, তাক স্বাগতম জনাওক।
সিংহ : আনৰ দোষ নিজৰ কান্ধত নোলোৱাই ভাল। ৰূপ সলনি কৰাৰ পৰিকল্পনাই ভৱিষ্যতে আশা কৰা ধৰণৰ ফলাফল আনিব।
কন্যা : প্ৰথম অৱস্থাত বিভ্ৰান্তিৰ বাবে দিশহাৰা হ’লেও মূৰটো শীতল কৰি ৰাখিব লাগিব তেতিয়াহে সকলো জটিলতাৰ পৰা মুক্তি পোৱাটো সম্ভৱ হ’ব!
তুলা : লটাৰীত টকা জিকাৰ সম্ভাৱনা আছে, মনে মনে নাথাকি আনক নিজৰ মতামত জনোৱা উচিত।
বৃশ্চিক : দিনটো আবেগপ্ৰৱণ হৈ থাকিব। লগতে মনত প্ৰেম–ঘৃণাই ক্ৰিয়া কৰিব। সেয়ে কোনো সিদ্ধান্তলৈ অহা উচিত নহ’ব।ট
ধনু : কৰ্মক্ষেত্ৰত সকলো পৰিকল্পনা কৰা ধৰণেই চলিব, দিনৰ দ্বিতীয়াৰ্ধ্বৰ মাজত সফলতা আহিব, সন্ধিয়া পৰিয়ালৰ সৈতে সুখৰ সময় পাৰ কৰিব।
মকৰ : দ্বিধা আৰু সংকোচৰ বৰ্তমান কোনো স্থান নাই। পূৰ্ণ উদ্যমত আৰু আত্মবিশ্বাসে পদক্ষেপ প্ৰয়োজন, সফলতা সহজতে আহিব।
কুম্ভ : আনৰ সৈতে আপোচ কৰি চলিলে মানসিক শান্তি বিঘ্নিত নহয়, যিকোনো সমস্যাৰ সমাধান সহজতে কৰা সম্ভৱ হ’ব।
মীন : অতিৰিক্ত আত্মসমালোচনাৰ বাবে হতাশা বাঢ়িব, সমস্যাৰ সমাধান নহ’ব। প্ৰয়োজনত মনৰ কথা খুলি ক’ব লাগিব ঘনিষ্ঠসকলক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|