মেষ : আনক কাষত নাপাব আজি, নিজৰ কামৰ উদ্যোগ নিজেই ল’ব লাগিব।
বৃষ : কি বিচাৰিছে, সেয়া স্পষ্টভাৱে ক’ব লাগিব, নহ’লে কোনোৱে নুবুজিব।
মিথুন : তৰ্কাতৰ্কি এৰাই চলক, নহ’লে বহুতৰে সহায় ভৱিষ্যতে নাপাব।
কৰ্কট : আত্মবিশ্বাসৰ সৈতে কাম কৰক, নিজকে একাষৰীয়া কৰি নাৰাখিব।
সিংহ : সাফল্যৰ লক্ষ্যত অতিৰিক্ত পৰিশ্ৰম কৰিব লাগিব, চকু–কাণ খোলা ৰখাটো বাঞ্চনীয়।
কন্যা : দিনটো ভালে যাব, যোগাযোগৰ দক্ষতা কৰ্মক্ষেত্ৰত প্ৰতিপত্তি বৃদ্ধি কৰিব।
তুলা : আত্মবিশ্বাস লগত থাকিব, মনপুতি কাম কৰিলে সফলতা নিশ্চিত।
বৃশ্চিক : জীৱন সলনি হ’বলৈ গৈ আছে সঠিক পথত, এই কথাৰ প্ৰতি গুৰুত্ব দি পদক্ষেপ লওক।
ধনু : যি অভ্যাসে লক্ষ্যৰ দিশত আগুৱাব দিয়া নাই, সেয়া এৰিব লাগিব।
মকৰ : অধিক নাভাবি কেৱল কাম কৰি যাব লাগিব, লক্ষ্য পূৰণ হ’ব।
কুম্ভ : আনক নিজৰ যুক্তি বুজোৱাৰ সলনি মনে মনে থকাই ভাল।
মীন : অপ্ৰয়োজনীয় জটিলতা আঁতৰাই পেলালেই জীৱন সুখৰ হয় – সেয়া নাপাহৰিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : January 27, 2023, 14:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|