মেষ : সতৰ্ক হৈ কথা নক’লে সন্মানহানি হোৱাৰ সম্ভাৱনা। সমালোচনাত সাঙোৰ নোখোৱাই উচিত হ’ব।
বৃষ : কঠিন পৰিস্থিতিত আত্মবিশ্বাস হ্ৰাস পাব পাৰে, কিন্তু এয়া দীৰ্ঘস্থায়ী নহয়।
মিথুন : অতীতত কাম দিয়া পদ্ধতি কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰিলে সুফল লাভ কৰিব।
কৰ্কট : সাহায্য ল’বলৈ দ্বিধাবোধ নকৰিব, অহংভাৱ বৰ্জন কৰাটো প্ৰয়োজন।
সিংহ : কঠিন পৰিশ্ৰমেই সাফল্যৰ চাবিকাঠি, উদ্বেগ পাহৰি কামত লাগিব লাগিব।
কন্যা : আনৰ প্ৰতি আস্থাই সংকটৰ পৰা উদ্ধাৰ কৰিব পাৰে।
তুলা : বহুদিনৰ পিছত স্বস্তি আহিব জীৱনলৈ। কিন্তু পৰিশ্ৰম কৰি যাব লাগিব।
বৃশ্চিক : ষষ্ঠেন্দ্ৰিয়ৰ ওপৰত আস্থা ৰাখি সিদ্ধান্ত ল’লে এইবাৰ ৰৈ থাকিব নালাগে।
ধনু : দিনটো দ্বিধা আৰু পৰস্পৰবিৰোধী তথ্যৰে পাৰ হ’ব, শান্ত হোৱাটো একান্ত কাম্য।
মকৰ : নিজতকৈ আনৰ আবেগক প্ৰাধান্য দিব লাগিব, পৰিৱৰ্তন আহিব জীৱনলৈ।
কুম্ভ : নানা পৰিকল্পনা মনলৈ আহিব, গতিকে কোনো সিদ্ধান্তত উপনীত হওঁতে ভালকৈ চিন্তা কৰক।
মীন : আনৰ কথালৈ কাণ নিদি কাম কৰি গ’লে সফলতা আহিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|