• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Horoscope Today : ২৪ নৱেম্বৰৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব

Horoscope Today : ২৪ নৱেম্বৰৰ ৰাশিফল, চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব

দিনটোৰ আৰম্ভণিতে চাওক আজিৰ দিনটোৰ ভাগ্যফল

দিনটোৰ আৰম্ভণিতে চাওক আজিৰ দিনটোৰ ভাগ্যফল

দিনটোৰ আৰম্ভণিতে চাওক আজিৰ দিনটোৰ ভাগ্যফল

  • Share this:
মেষ : সকলো বাধা আঁতৰি জীৱনে নতুন পথৰ দিশে আগুৱাব, সুযোগ বুজি তাৰ সদ্ব্যৱহাৰ কৰিবলৈ নাপাহৰিব।

বৃষ : দিনটো আত্মবিশ্বাসেৰে ভৰপূৰ, লগতে ভাগ্যৰো সহায় আছে, গতিকে কঠিন কামত হাত দিয়াৰ এয়া আদৰ্শ সময়, সিদ্ধি অনিবাৰ্য।

মিথুন : অৱশেষত কৰ্মজীৱন আৰু স্বাস্থ্যৰ মাজত ভাৰসাম্য গঢ়ি তোলা সম্ভৱ হ’ব। কোনো বন্ধুৱে এইক্ষেত্ৰত সহায় কৰিব।

কৰ্কট : কামত মন নবহিব, মগজু ঠাণ্ডা ৰাখি কাম কৰিলে সফলতা লাভ কৰিব।

সিংহ : সুযোগ জীৱনত বাৰে বাৰে নাহে, সেয়ে পূৰ্ণ উদ্যমেৰে কামত জঁপিয়াই পৰিব লাগিব, নিজকে প্ৰমাণ কৰিব লাগিব।

কন্যা : সৃজনশীলতাৰে দিনটো পৰিপূৰ্ণ হ’লেও সিদ্ধান্ত লোৱাত অসুবিধা হ’ব পাৰে, সেয়ে সকলো দিশ চালিজাৰি চোৱা অতি প্ৰয়োজনীয়।

তুলা : সকলোৰে আকৰ্ষণৰ কেন্দ্ৰত থাকিব। অতীতৰ ভুল, বৰ্তমানৰ দ্বিধা, ভৱিষ্যতৰ কৰ্তব্যৰ উত্তৰো পাব।

বৃশ্চিক : আনে কি কৈছে সেয়া ভাবিলে নহ’ব, কিছু স্বাৰ্থপৰ হৈ নিজৰ লক্ষ্য পূৰণত ব্ৰতী হ’ব লাগিব।

ধনু : সাম্প্ৰতিক আকৰ্ষণীয় কোনো ব্যক্তিৰ সৈতে সম্পৰ্ক গাঢ় হ’ব, জীৱন সম্পৰ্কে নতুন কথা শিকিব পাৰিব তেওঁৰ পৰা।

মকৰ : আমোদৰ সলনি কৰ্তব্যত ব্যস্ত থকাই উচিত হ’ব। আৰ্থিক অৱস্থা তেতিয়াহে স্থিৰ হ’ব পাৰে।

কুম্ভ : সামাজিক সদ্ভাৱে উপকাৰ কৰিব, ইয়াৰ ফলত মনো ভালে থাকিব, কোনে নেপথ্যত থাকি ক্ষতি কৰাৰ চেষ্টা কৰিছে সেয়াও জনা সম্ভৱ হ’ব।

মীন : কামৰ ব্যস্ততাৰ মাজতো নিজৰ বাবে সময় উলিয়ালে মন ভালে থাকিব। গুৰুত্বপূৰ্ণ খবৰ পোৱাৰ সম্ভাৱনা আছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি