মেষ : কামত মন নবহিব, আগ্ৰহ হেৰুৱাই পেলাব, সেয়ে মগজু শীতল কৰি ৰাখক।
বৃষ : ক্ষমতাৰ অপব্যৱহাৰ নকৰিব, ভৱিষ্যতে সেয়া আপোনাৰ ফালেই ঘূৰি আহিব।
মিথুন : পাৰিবাৰিক অশান্তিৰ সম্ভাৱনা আছে, আনৰ সৈতে ভাল ব্যৱহাৰ কৰক।
কৰ্কট : কৰ্মক্ষেত্ৰত সদৰ্থক পৰিৱৰ্তন আহিব, সম্পৰ্কত সীমাৰেখাৰ গুৰুত্ব বুজিব লাগিব।
সিংহ : আবেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত নল’ব, সংগী–সংগীনীৰ মতামতক গুৰুত্ব দিয়ক।
কন্যা : কৰ্মক্ষেত্ৰত বহু সময় দিবলগীয়া হ’লেও পাৰিবাৰিক সময় সুন্দৰভাৱে কটাব পাৰিব।
তুলা : অতীতৰ ভুলৰ পুনৰাবৃত্তি নোহোৱাটোৱে কাম্য – মনত ৰাখিব।
বৃশ্চিক : সকলো দিসৰ পৰা সফলতা আহিব, সুন্দৰ এটা দিন।
ধনু : মানসিকভাৱে অশান্ত থাকিলেও কামত অৱহেলা নকৰিব।
মকৰ : সমগ্ৰ দিনটো সৰু–সুৰা শাৰীৰিক সমস্যাই জৰ্জৰিত কৰি ৰাখিব।
কুম্ভ : সকলোৱে দোষ জাপিবলৈ চেষ্টা কৰিব, সেয়া গুৰুত্ব দি কামত মন দিয়াই ভাল।
মীন : সকলো পৰিকল্পনা মতে চলিব, ব্যক্তিগত সম্পৰ্কত মাধুৰ্যতা বাঢ়িব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|