মেষ : আপোনাৰ এনে কোনো ব্যক্তিৰ সৈতে সাক্ষাৎ হ’ব পাৰে, যিয়ে দীৰ্ঘ সময়ৰ বাবে আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে। কৰ্মক্ষেত্ৰত পৰিস্থিতি কিছু পৰিৱৰ্তন হ’ব পাৰে।
বৃষ : দিনটোৰ আৰম্ভণিতে নহ’লেও দুপৰীয়াৰ পিছত কামত চাপ বাঢ়িব। আপোনাৰ দৈনন্দিন ৰুটিনত পৰিৱৰ্তন আনিবলৈ হ’লে লাহে লাহে সেয়া কৰিব লাগিব। কেৰিয়াৰে হওক বা আৰ্থিক বিষয়, আপুনি নানা ধৰণৰ সুযোগ লাভ কৰিব।
মিথুন : কৰ্ম সংক্ৰান্তীয় নানা সমস্যাৰ সমাধান হ’ব। অনিদ্ৰাৰ বাবে শীঘ্ৰে অনিদ্ৰাজনিত ৰোগত আক্ৰান্ত হ’ব পাৰে। কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু তীক্ষ্ণ হ’ব, আপুনি হঠাৎ ইতিবাচক শক্তিৰ সোৱাদ পাব পাৰে।
কৰ্কট : আজিৰ দিনটো ৰোমাণ্টিক হ’ব আপোনাৰ বাবে। সেয়ে মনৰ মানুহ বিচাৰি পাব বিচাৰিলে সেয়া পাই যাব পাৰে। কৰ্মক্ষেত্ৰত আনৰ কথাত কাণ নিদি নিজৰ কাম কৰি যাব লাগিব।
সিংহ : আপোনাৰ বাবে এক অপ্ৰত্যাশিত চমকে অপেক্ষা কৰি আছে। নতুন কোনো পৰিকল্পনা আৰম্ভ কৰাৰ বাবে দিনটো ভাল। কিছুদিন ছুটি কটোৱাৰ পিছত আজিৰে পৰা পূৰ্ণোদ্যমে কামত লাগিব লাগিব।
কন্যা : সমগ্ৰ দিনটো শক্তি তুংগত থাকিব। সম্পৰ্কত কিছু হাঁহি–ঠাট্টা চলিব পাৰে। কিন্তু আয় আৰু ব্যয়ৰ মাজত সামঞ্জস্য ৰাখিবলৈ সমস্যা হ’ব।
তুলা : নতুন কোনো পৰিকল্পনা আৰম্ভ কৰাৰ বাবে বাবে ভাল সময়। সুৰু–সুৰা শাৰীৰিক সমস্যা হ’ব পাৰে, কিন্তু খুব বেছি মনোযোগ দিয়াৰ প্ৰয়োজন নাই। কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানৰ সময় শীঘ্ৰে শেষ হ’ব।
বৃশ্চিক : আনে কি কৈছে বা ভাবিছে, সেইবোৰ কাণ নিদিয়াই ভাল। সম্পৰ্কত সৎ হৈ থকাৰ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত সময় বুজি সুযোগ লোৱাৰ চেষ্টা কৰিব লাগিব।
ধনু : সম্পৰ্কই বিবাহৰ দিশলৈ গতি কৰিব পাৰে। কৰ্মক্ষেত্ৰত কৰ্মদক্ষতা দেখুওৱা সত্ত্বেও সফলতা পাবলৈ কিছু সময় লাগিব। কৰ্মক্ষেত্ৰত যিকোনো ধৰণৰ সমালোচনা এৰাই চলিব লাগিব।
মকৰ : নতুন কোনো আইডিয়া লাভ কৰিব পাৰে। অৱহেলা নকৰি ইয়াক বাস্তৱায়িত কৰাৰ চেষ্টা কৰিব লাগিব। কৰ্মক্ষেত্ৰত অত্যন্ত মনোযোগৰ সৈতে কৰ্ম সম্পাদন কৰিব পাৰিব।
কুম্ভ : সম্পৰ্কত বিগত কিছুদিন ধৰি যি বিভ্ৰান্তি বা ভুল বুজাবুজি চলিছে, সেয়া শীঘ্ৰে শেষ হ’ব পাৰে। নিজৰ জনসংযোগ দক্ষতা আজি কৰ্ম সম্পাদনত সহায়কাৰী হৈ উঠিব পাৰে।
মীন : নিজৰ স্বাস্থ্যৰ যত্ন লোৱা আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত উৎসাহৰ সৈতে কাম কৰিব পাৰিব আৰু সহকৰ্মীৰ সহযোগিতাও লাভ কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|