உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Horoscope Today: আজিৰ দিনটো আপোনাৰ কেনে যাব! দিনটো আৰম্ভ কৰাৰ পূৰ্বে চাওক আজিৰ ৰাশিফল

    Horoscope Today: আজিৰ দিনটো আপোনাৰ কেনে যাব! দিনটো আৰম্ভ কৰাৰ পূৰ্বে চাওক আজিৰ ৰাশিফল

    ভাৰতীয় নিয়ম মতে চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰাশিফল গণনা কৰা হয়। কিন্তু ইংৰাজীঅনুসৰি, এই ক্ষেত্ৰত সূৰ্যক অগ্ৰাধিকাৰ দিয়া হয়।

    ভাৰতীয় নিয়ম মতে চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰাশিফল গণনা কৰা হয়। কিন্তু ইংৰাজীঅনুসৰি, এই ক্ষেত্ৰত সূৰ্যক অগ্ৰাধিকাৰ দিয়া হয়।

    ভাৰতীয় নিয়ম মতে চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰাশিফল গণনা কৰা হয়। কিন্তু ইংৰাজীঅনুসৰি, এই ক্ষেত্ৰত সূৰ্যক অগ্ৰাধিকাৰ দিয়া হয়।

    • Share this:
    আজি ২২ ডিচেম্বৰ ২০২১। আজিৰ কিদৰে যাব আপোনাৰ দিনটো সেয়া নিশ্চয় জানিবলৈ মন যায়। সেয়ে দিনটো আৰম্ভ কৰাৰ পূৰ্বে চাওক আজিৰ দিনটোৰ ৰাশি‍ফল। ভাৰতীয় নিয়ম মতে চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰাশিফল গণনা কৰা হয়। কিন্তু ইংৰাজীঅনুসৰি, এই ক্ষেত্ৰত সূৰ্যক অগ্ৰাধিকাৰ দিয়া হয়। গতিকে ইংৰাজীত ৰাশিক চান চাইন (Sun Sign) বুলি কোৱা হয়। চাওক আজিৰ দিনটোত কোন ৰাশিৰ কি ফল।

    মেষ : আজি বেংকিং চাকৰিৰ বাবে অনুকুল সময়। আজি সন্ধিয়ালৈ আপুনি ভাতৃ–ভগ্নীৰ সৈতে ক’ৰবালৈ ফুৰিবলৈ যাব পাৰে। চাকৰিৰ প্ৰমোচন সম্পৰ্কীয় কামত সফলতা লাভ কৰিব। ব্যৱসায়ত কোনো বিশেষ কামৰ জৰিয়তে সফলতা আহিব।

    বৃষ : ধাৰ্মিক কাৰ্য বৃদ্ধি পাব। বাহন কিনাৰ পৰিকল্পনা কৰিব পাৰিব। সন্ধিয়াৰ সময়ত আজি আপুনি পৰিয়ালৰ সদস্যৰ সৈতে কোনো মাংগলিক সমাৰোহত অংশগ্ৰহণ কৰিব পাৰে। পিতৃৰ আশীৰ্বাদ লওক। আইটি বা মিডিয়াৰ চাকৰিত সফল হ’ব।

    মিথুন : বেংকিং বা আইটিত চাকৰি কৰাসকলে পৰিৱৰ্তনৰ পৰিকল্পনা কৰিব পাৰে। আজি কোনো সমস্যা আহিলে, তাৰ পৰা দূৰত থকাৰ সম্পূৰ্ণ চেষ্টা কৰিব, যিটো আপোনাৰ বাবে লাভদায়ক হ’ব। ব্যৱসায়ত ভাল।

    কৰ্কট : ব্যৱসায়ৰ বাবে উত্তম সময়। আজি আপোনাৰ পৰা কোনো লোকে ধাৰ বিচাৰিলে ভাবি–চিন্তি দিয়ক, অন্যথা সেই ধন উভতি অহাৰ সম্ভাৱনা বহুত কম। ঘৰত নতুন কামৰ বাবে অনুকুল সময়। চাকৰিত সফলতা।

    সিংহ : চাকৰিত সফলতা। ধৰ্মীয় কামৰ সৈতে সম্বন্ধ থকা লোক সফল হ’ব। চাকৰিয়ালসকলে আজি নিজৰ কাৰ্যক্ষেত্ৰত পৰিৱৰ্তন দেখিবলৈ পাব, যাৰ ফলত আপুনি কিছু উদ্বিগ্ন নিশ্চয় হ’ব, আজি আপোনাৰ কামৰ প্ৰতি সমৰ্পিত থাকক। পিতৃৰ আশীৰ্বাদ লওক।

    কন্যা : আজি সফলতাৰ বাবে সুখত থাকিব। আজি বেপাৰ–বাণিজ্যত কোনো চুক্তি নিশ্চিত হোৱাৰ ফলত সন্তুষ্টি লাভ কৰিব। পৰিয়ালৰ সকলো সদস্যৰ সৈতে মিলাপ্ৰীতি থাকিব। শিক্ষাত সফলতা প্ৰাপ্তি হ’ব। ব্যৱসায়ত লাভৰ যোগ। যাত্ৰাৰ দ্বাৰা লাভ হ’ব।

    তুলা : চাকৰিত নতুন সুযোগ প্ৰাপ্তিৰ দিন। জীৱনসংগীৰ সহযোগ বা সান্নিধ্যও সম্পূৰ্ণৰূপে পাব। পদোন্নতিৰো যোগ আছে আজিৰ দিনটোত। ব্যৱসায়ত আজি ভাল ফল পাব পাৰে। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ বাবে আহিব পাৰে ভাল খবৰ।

    বৃশ্চিক : আজি কাহৰ দৰে সমস্যাত ভুগিব পাৰে। আজি কোনো লোকে বিদেশ যাত্ৰাৰো সুবিধা পাব পাৰে। ছালৰ সমস্যা হ’ব পাৰে। ব্যৱসায়ত ডাঙৰ লাভ হোৱাৰ সম্ভাৱনা। যাত্ৰাৰ দ্বাৰা সফলতা আহিব পাৰে।

    ধনু : আজি সফলতাৰ বাবে অনুকুল সময়। আজি আপুনি নিজৰ জীৱন সংগীৰ সৈতে অকলে কিছু সময় পাৰ কৰক, যাৰ ফলত আপোনালোক দুয়োৰে মাজৰ সম্পৰ্ক অধিক মজবুত হ’ব। ব্যৱসায়ত নতুন সুযোগ অহাৰ সম্ভাৱনা। ধনৰ আগমন হ’ব।

    মকৰ : চাকৰিত উন্নতি। বেংকিং আৰু ফাইনেন্সৰ সৈতে জড়িত লোকসকলৰ প্ৰমোচনৰ সম্ভাৱনা। পিতৃৰ সৈতে কিছু সমস্যাৰ কথা প্ৰকাশ কৰাৰ পিছত মনত কিছু প্ৰশান্তি লাভ কৰিব। শিক্ষাৰ সৈতে জড়িত লোকসকলৰ বাবে সফলতাৰ যোগ।

    কুম্ভ : ছাত্ৰ–ছাত্ৰীৰ বাবে সফলতাৰ দিন। শত্ৰুপক্ষই আজি আপোনাক অশান্তি কৰাত ব্যস্ত থাকিব, কিন্তু আপুনি তালৈ গুৰুত্ব নিদি আগুৱাই যাওক। আজি আপুনি কাৰোবাক কোনো কথা কোৱাৰ আগতে সাৱধান হওক। লেনদেনৰ ক্ষেত্ৰতো সাৱধানতা বজাই ৰাখক।

    মীন : ব্যৱসায়ত কোনো ডাঙৰ লাভ হ’ব পাৰে। যদি পৰিয়ালত কোনো কাজিয়া চলি আছিল, সেয়াও সমাপ্ত হ’ব, যাৰ ফলত আপুনি আনন্দিত হ’ব। আজি চকুৰ সমস্যাৰ বাবে কষ্ট পাব পাৰে। ধনৰ অভাৱ অনুভৱ হ’ব। নতুন কামত লাভৰ সম্ভাৱনা আছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: