• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Horoscope Today : ২০ আগষ্টৰ ৰাশিফল, চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো

Horoscope Today : ২০ আগষ্টৰ ৰাশিফল, চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো

দিনটো আৰম্ভ কৰা পূৰ্বে জানি লওক আপোনাৰ ভাগ্যফল।

দিনটো আৰম্ভ কৰা পূৰ্বে জানি লওক আপোনাৰ ভাগ্যফল।

দিনটো আৰম্ভ কৰা পূৰ্বে জানি লওক আপোনাৰ ভাগ্যফল।

  • Share this:
মেষ : আজি আপুনি ৰোমাণ্টিক মেজাজত থাকিব। শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব। কৰ্মক্ষেত্ৰত পৰিকল্পনা অনুসৰি কাম নহ’বও পাৰে।

বৃষ : আজি সংগীক নানাভাৱে সহায় কৰাৰ চেষ্টা কৰক। কেৰিয়াৰৰ ফালৰ পৰা দিনটো শুভ। আপুনি ভাল কোনো কামৰ অফাৰ পাব পাৰে।

মিথুন : বহুদিনৰ পৰিশ্ৰমৰ পিছত আজি আপুনি বিশ্ৰাম ল’ব পাৰিব। কিন্তু সংগীৰ আপোনাৰ ওচৰত কিছুমান আজৱ দাবী থাকিব পাৰে। কৰ্ম সংক্ৰান্তীয় দিশত দিনটো শুভ।

কৰ্কট : আজি কোনো গুৰুত্বপূৰ্ণ খবৰে আনন্দ কঢ়িয়াই আনিব। সম্পৰ্কক লৈ যিসকলে বিভ্ৰান্তিত আছে, তেওঁলোকে আজি সিদ্ধান্ত ল’বলৈ সক্ষম হ’ব।

সিংহ : আজি আনৰ সৈতে বিনয়েৰে কথা–বাৰ্তা পাতক। বিশেষ মানুহৰ সৈতে ব্যৱহাৰত পৰিৱৰ্তন আনক। কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব।

কন্যা : জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি অধিক মনোযোগী হওক। মনত ৰাখিব যিকোনো সম্পৰ্কৰে এটা সীমাৰেখা থকা প্ৰয়োজন। যিকোনো কাম কৰাৰ পূৰ্বে অতীতৰ পৰা শিক্ষা লওক।

তুলা : আজি আপোনালৈ নানা ধৰণৰ সুযোগ আহিব পাৰে, কিন্তু খৰখেদা নকৰিব। আজি যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো শুভ। আজি সকলো কাম সুকলমে সম্পন্ন হ’ব।

বৃশ্চিক : সামাজিকভাৱে অধিক সক্ৰিয় হওক। আপুনি সম্পৰ্কক অযথা জটিল কৰি তুলিছে। আজি ভাল কিবা খবৰ পাব পাৰে।

ধনু : যিকোনো খাদ্য খোৱাৰ বাবে আপোনাৰ স্বাস্থ্য বেয়া হৈ গৈ আছে। সংগীৰ সৈতে বহি আজি নিজৰ সকলো সমস্যা আঁতৰাই পেলোৱাৰ চেষ্টা কৰক। আজি পৰিয়াল আৰু কামৰ মাজত যিকোনো এটা বাচি লওক।

মকৰ : আজি সংগীৰ সৈতে কোনো দুঃসাহসিক কামলৈ ওলাব পাৰে। আৰ্থিক আৰু কেৰিয়াৰৰ দিশত আপোনাৰ অৱস্থান শীৰ্ষত থাকিব।

কুম্ভ : বহু মানুহৰ সৈতে সম্পৰ্ক নকৰি নিজৰ মনৰ কথা শুনি সিদ্ধান্ত লওক। আজি কৰ্মক্ষেত্ৰত অত্যন্ত চাপৰ বাবে হতাশাত ভুগিব পাৰে।

মীন : আজি পৰিয়ালৰ ফালৰ পৰা নানা আৰ্থিক চাহিদা প্ৰকট হ’ব পাৰে। আপুনি সদায় আপোনাৰ কামত দক্ষ, আজি তাৰ পৰিৱৰ্তন নহ’ব।
Published by:Sanjay Kumar Das
First published: