মেষ : যিবোৰ বিষয়ক লৈ অস্বস্তি বোধ কৰিছে তাক লৈ মত প্ৰকাশ কৰিব লাগিব। কিন্তু কথা কোৱাৰ সময়ত সাৱধান, ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে।
বৃষ : হতাশাৰ মোকাবিলা কৰিব লাগিব, নিজেই পথ বিচাৰিব লাগিব। পৰিয়ালত শান্তিৰ পৰিৱেশ বৰ্তি থাকিব।
মিথুন : সমস্ত চিন্তা–ভাৱনাক একত্ৰ কৰি চাব লাগিব, সমাধান পাব পাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব।
কৰ্কট : নতুন শক্তিয়ে কাম কৰিবলৈ আৰম্ভ কৰিব। পৰিয়াল আৰু কৰ্মক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰা সম্ভৱ হ’ব। দ্বিধা আঁতৰ হ’ব, আত্মবিশ্বাস ঘূৰা আহিব।
সিংহ : কিছুমান ব্যক্তিগত সমস্যাই দেখা দিব পাৰে, যাৰ কাৰণ বিচাৰি উলিওৱা অসম্ভৱ। কিন্তু খুব সহজতে তাৰ মোকাবিলা কৰা সম্ভৱ হ’ব।
কন্যা : উল্লেখযোগ্য আৰ্থিক লাভৰ সম্ভাৱনা আছে। ব্যয় হ্ৰাস কৰাৰ দিশত অবিলম্বে নজৰ দিয়া প্ৰয়োজন।
তুলা : এতিয়াই কোনো ডাঙৰ সিদ্ধান্ত লোৱা সঠিক নহ’ব। প্ৰেমৰ সম্পৰ্কই অন্যতম মাত্ৰা পাব পাৰে। কৰ্মক্ষেত্ৰত আশানুৰূপ ফল নাপাবও পাৰে।
বৃশ্চিক : চাৰিওফালে অনেক বন্ধু আছে, সকলো নিৰ্ভৰযোগ্য নহয়। কাৰোবাক বিশ্বাস কৰাৰ পূৰ্বে চাৰিওদিশ চালিজাৰি চাব লাগিব।
ধনু : নতুন প্ৰকল্প বা নতুন অংশীদাৰিত্বলৈ যোৱাৰ সঠিক সময় নহয়। সিদ্ধান্ত ভুল হ’ব পাৰে, ফলত ভৱিষ্যতে আশানুৰূপ ফল নাপাবও পাৰে।
মকৰ : আত্মবিশ্বাসৰ সৈতে পৰৱৰ্তী পদক্ষেপ ল’ব পাৰে। কোনো কাম ভবাতকৈ বেছি কঠিন হ’ব পাৰে। অৱশ্যে সেয়া অসম্ভৱ নহয়।
কুম্ভ : পুৰণি কাম শেষ কৰাৰ দিশত মন দিব লাগিব। নতুন সুযোগ আহিব। ভাল ফল পাব পাৰে।
মীন : পুৰণি কোনো বন্ধুৰ সৈতে যোগাযোগ হ’ব পাৰে। নতুন কাম আৰম্ভ কৰিব পাৰে। কৰ্মস্থলীত পৰিৱৰ্তনৰ সুযোগ ঘটিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|