মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Horoscope Today : ১৮ মাৰ্চৰ ৰাশিফল, কেনে যাব আপোনাৰ আজিৰ দিনটো

Horoscope Today : ১৮ মাৰ্চৰ ৰাশিফল, কেনে যাব আপোনাৰ আজিৰ দিনটো

Daily Horoscope | দিনটোৰ আৰম্ভণিতে চাওক আপোনাৰ আজিৰ দিনটোৰ ভাগ্য়ফল

Daily Horoscope | দিনটোৰ আৰম্ভণিতে চাওক আপোনাৰ আজিৰ দিনটোৰ ভাগ্য়ফল

Daily Horoscope | দিনটোৰ আৰম্ভণিতে চাওক আপোনাৰ আজিৰ দিনটোৰ ভাগ্য়ফল

  • Share this:
মেষ : আবেগ নিয়ন্ত্ৰণত ৰখা প্ৰয়োজন। বিবাদৰ আশংকা আছে। কোনো অংশীদাৰিত্বৰ চুক্তি স্বাক্ষৰিত হ’ব পাৰে।

বৃষ : সহজ সৰল মানসিকতা বৰ্তি থাকিব। কোনো সমস্যাই সমস্যা বুলি ধাৰণা নহ’ব। কোনো বিবাদত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিব পাৰে।

মিথুন : বাক সংযম প্ৰয়োজন। ঘনিষ্ঠ কোনো মানুহে ষড়যন্ত্ৰ কৰিব পাৰে। পুৰণি পৰিচিত কোনো মানুহৰ সৈতে দেখা হ’ব পাৰে।

কৰ্কট : আবেগ প্ৰৱণতা বাঢ়িব, আৰ্থিক ক্ষতিৰ আশংকা আছে। স্বাৰ্থপৰ মানুহৰ পৰা দূৰত্ব বজাই ৰাখিলে নিজকে ৰক্ষা কৰা সম্ভৱ হ’ব।

সিংহ : নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ চেষ্টা কৰক। কল্পনাশক্তিৰ দ্বাৰা নিজৰ লক্ষ্যৰ দিশে আগুৱাই যাব পাৰিব।

কন্যা : মেজাজ বাৰম্বাৰ পৰিৱৰ্তন হ’ব পাৰে। বিৰক্তি বোধ হ’ব পাৰে। ইয়াৰ ফলত আন লোকো প্ৰভাৱিত হ’ব।

তুলা : আত্মসমালোচনা প্ৰয়োজন। অকাৰণতে দুশ্চিন্তাই মনত বাহ বান্ধিব পাৰে। সমস্যাৰ গুৰুত্ব বুজাৰ বাবে আন কাৰোবাৰ মতামত ল’ব পাৰে।

বৃশ্চিক : পুৰণি মতাদৰ্শ এৰি নতুনৰ দিশে যাত্ৰা আৰম্ভ হৈছে। কোনো পদক্ষেপ লোৱাৰ পূৰ্বে নিজৰ ইচ্ছা সম্পৰ্কে নিশ্চিত হোৱা প্ৰয়োজন।

ধনু : কৌশলেৰে কাম কৰা প্ৰয়োজন। নিজৰ সংবেদনশীলতা নিয়ন্ত্ৰণত ৰাখিব লাগিব। প্ৰিয়জনৰ সৈতে ভাল সময় অতিবাহিত হ’ব পাৰে।

মকৰ : আচবাব, কাপোৰ–কানি, প্ৰসাধনৰ দৰে বিষয়ত প্ৰচূৰ ব্যয় হ’ব পাৰে। অযথা খৰচ বন্ধ কৰিব লাগিব।

কুম্ভ : প্ৰভাৱশালী কোনো ব্যক্তিৰ সৈতে যোগাযোগ হোৱাৰ ফলত দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব পাৰে জীৱনত। গঠনমূলক সমালোচনা গ্ৰহণ কৰিব লাগিব।

মীন : খৰখেদা কৰি কোনো সমস্যাৰ গঠনমূলক সমাধান কৰা সম্ভৱ নহয়। ধৈৰ্য ধৰি কাম কৰিব লাগিব।

শেহতীয়া বাতৰি