মেষ : প্ৰিয়জনৰ সংগ এৰি কামৰ বাবে ওচৰে–পাজৰে ভ্ৰমণৰ সম্ভাৱনা আছে, মন বেয়া নকৰিব।
বৃষ : প্ৰণয়ৰ ক্ষেত্ৰত আনৰ পৰা সঁহাৰি নাপালে কেৱল বন্ধুত্ব বজাই ৰখা উচিত।
মিথুন : অতিথিৰ আগমনৰ সূত্ৰে ব্যক্তিগত সময় বুলি হাতত একো নাথাকিব।
কৰ্কট : কামৰ দাবীত প্ৰণয়ৰ সম্পৰ্কত মন দিব নোৱাৰিব, সেয়ে সময়ৰ পূৰ্বেই হাতত থকা কাম শেষ কৰক।
সিংহ : মনৰ মানুহক কাষত নাপাব, এইক্ষেত্ৰত মন ভাল লগাবলৈ আন বন্ধুৰ সংগ ল’ব পাৰে।
কন্যা : প্ৰিয়জনৰ কৰ্মব্যস্ততা সাময়িক, ইয়াক লৈ অভিযোগ নকৰাই উচিত।
তুলা : মন বেয়া হৈ থাকিলে প্ৰণয়ৰ সুযোগ নাহিব, আনন্দ নকৰা ব্যক্তিক কোনেও পছন্দ নকৰে।
বৃশ্চিক : প্ৰণয়ৰ সম্পৰ্কক লৈ সন্দেহ থাকিলে সংগীৰ সৈতে পোনপটীয়াভাৱে আলোচনা কৰা উচিত।
ধনু : নিজকে সময় দিয়াটোত প্ৰাধান্য দিয়ক। মন ভালে থাকিলে সকলো অৰ্জন কৰিব পাৰিব।
কুম্ভ : ব্যক্তিগত সম্পৰ্কৰ পৰিণতিক লৈ সন্দেহ সৃষ্টি হ’লে পোনপটীয়াকৈ প্ৰশ্ন কৰক।
মীন : নীৰৱতাই সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব, সেয়ে মনৰ কথা সংগীক খুলি কওক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 14, 2023, 07:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।