কোন ৰাশিৰ জাতক–জাতিকৰ বাবে আজিৰ দিনটো কেনে যাব চাওক।
কোন ৰাশিৰ জাতক–জাতিকৰ বাবে আজিৰ দিনটো কেনে যাব চাওক।
মেষ : জখম নোহোৱাকৈ কাম কৰিবলৈ চেষ্টা কৰক। আজি আপুনি ৰোমাণ্টিক ভাৱত থাকিব। ডাঙৰ ক্লায়েণ্টৰ সৈতে ডিল কৰিব পাৰে।
বৃষ : আজি আপুনি যিমানেই চেষ্টা কৰক সংগীয়ে গুৰুত্ব নিদিয়ে। আজি অতিৰিক্ত কিছু কামৰ দায়িত্ব লোৱাৰ চেষ্টা কৰক।
মিথুন : আজি বাহিৰৰ কাম কৰাৰ বাবে আদৰ্শ দিন। আপোনাৰ জীৱনৰ চেলেঞ্জিং সময় শেষ হ’বলৈ গৈ আছে। শীঘ্ৰে সফলতা লাভ কৰিব।
কৰ্কট : আপুনি যদি সতৰ্ক নহয় তেন্তে আপোনালোকৰ সম্পৰ্কত তৃতীয় কোনো ব্যক্তি প্ৰৱেশ কৰিব পাৰে। তালিকা তৈয়াৰ কৰি কাম কৰক, টাৰ্গেট পূৰ্ণ হ’ব।
সিংহ : বাকী থকা কাম কৰি পেলাওক। আপোনাৰ হজম প্ৰক্ৰিয়াৰ ওপৰত চকু ৰাখক। আপুনি হেৰুওৱা স্বাস্থ্য আৰু শক্তি ওভতাই পাব।
কন্যা : হজমৰ সমস্যাত ভুগিব পাৰে। আপোনাৰ সংগীৰ এই মুহূৰ্তত আপোনাৰ সহায়ৰ প্ৰয়োজন। আজি আপোনাৰ শক্তি তুংগত থাকিব।
তুলা : নিজৰ মানসিক স্বাস্থ্যৰ যত্ন লওক আজি। আপুনি আজি অপ্ৰত্যাশিত কোনো উৎসৰ পৰা ধন লাভ কৰিব পাৰে।
বৃশ্চিক : আপুনি ডায়েটত নজৰ দিব লাগিব। আপোনাৰ কামৰ ভংগীয়ে জ্যেষ্ঠজনক আকৰ্ষিত কৰিব। কোনোৱে আপোনাক চিৰদিনৰ বাবে ভালপাবলৈ গৈ আছে।
ধনু : আপোনাৰ শাৰীৰিক সমস্যা নাথাকিলেও আজি মানসিক সমস্যাত ভুগিব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ।
মকৰ : আজি বহুতে আপোনাৰ প্ৰতি আকৰ্ষিত হ’ব। বাকী ৰখা কাম আকৌ আৰম্ভ কৰিব পাৰে। আপুনি যিটো ভাল বুলি ভাৱে আজি সেয়াই কৰক।
কুম্ভ : আপোনাৰ ভালপোৱা মানুহৰ সৈতে ভাল সময় কটাবলৈ চেষ্টা কৰক। আজি আপুনি ঘৰত আৰু বাহিৰত বেলেঞ্চ কৰি চলিব লাগিব।
মীন : আজি নিজৰ বাবে বিশেষ কিবা এটা কৰক। কঠোৰ পৰিশ্ৰমে আপোনাৰ জীৱনলৈ সফলতা আনিব। পৰিয়াল আৰু আত্মীয়ৰ সৈতে সময় কটাওক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|