• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Horoscope Today: ১২ আগষ্টৰ ৰাশিফল, ভাল খবৰ আছে এইকেইটা ৰাশিৰ লোকসকলৰ বাবে!

Horoscope Today: ১২ আগষ্টৰ ৰাশিফল, ভাল খবৰ আছে এইকেইটা ৰাশিৰ লোকসকলৰ বাবে!

দিনটো আৰম্ভ কৰাৰ পূৰ্বে চাওক আজিৰ দিনটোৰ ৰাশিফল।

দিনটো আৰম্ভ কৰাৰ পূৰ্বে চাওক আজিৰ দিনটোৰ ৰাশিফল।

দিনটো আৰম্ভ কৰাৰ পূৰ্বে চাওক আজিৰ দিনটোৰ ৰাশিফল।

  • Share this:
মেষ : কিছুদিন ধৰি আপোনাৰ মনত থকা অসন্তোষ ভাৱ বহু পৰিমাণে দূৰ হ’ব। আজি আপোনাৰ সংগীয়ে আপোনাক ছাৰপ্ৰাইজ দিব পাৰে। ৰৈ থকা কাম কৰি পেলোৱাৰ উত্তম সময়।

বৃষ: আজি পৰিয়ালৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত কথা কোৱাৰ সময়ত বিনয়ী হোৱাৰ চেষ্টা কৰক। প্ৰফেচনেল জীৱন আৰু আৰ্থিক পৰিস্থিতিত পৰিৱৰ্তন আহিব।

মিথুন : আজি আপোনাৰ জীৱনত পৰিৱৰ্তন আহিব। আজি কৰ্মক্ষেত্ৰত অপ্ৰত্যাশিতভাৱে আৰ্থিক উন্নতি হ’ব। আজি সৌন্দৰ্যৰ সন্ধানত আপুনি বহুদূৰ যাব।

কৰ্কট : কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ সহযোগিতাত আপুনি চিন্তাৰ খোৰাক বিচাৰি পাব। কৰ্মক্ষেত্ৰত অত্যধিক চাপে আপোনাৰ নিশাৰ টোপনি কাঢ়ি নিব পাৰে। আপোনাৰ সংগীক নানা ধৰণে ছাৰপ্ৰাইজ দিব পাৰে।

সিংহ : আজি আপুনি বাহিৰলৈ গৈ আনন্দ–উল্লাস কৰাৰ মেজাজত আছে। সামাজিকভাৱেও আজি আপুনি খুব ব্যস্ত থাকিব। আপোনাৰ প্ৰতিযোগীসকলে আপোনাক নানা ধৰণে তললৈ নমোৱাৰ চেষ্টা কৰিব।

কন্যা : আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যৱান। নিজৰ ক্ষমতা বৃদ্ধিৰ বাবে শ্ৰেষ্ঠ সময়। আজিৰ দিনটোত মৰম দিয়া আৰু পোৱাৰ ববে শ্ৰেষ্ঠ দিন। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আহিব পাৰে।

তুলা : দৈনিক ডায়েটত মনোযোগী হ’লে আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজি আপুনি আপোনাৰ লক্ষ্যত উপনীত হ’বলৈ সমৰ্থ হ’ব। কেৱল ধৈৰ্য ধৰিব লাগিব।

বৃশ্চিক : পানীৰ পৰা আজি কোনো দুৰ্ঘটনা ঘটিব পাৰে। সম্পৰ্কক লৈ আপোনাৰ কিছু অৱহেলা দেখা গৈছে। কৰ্মসূত্ৰে আপোনাৰ বাসস্থান পৰিৱৰ্তনৰ সম্ভাৱনা আছে।

ধনু : আজি শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ সুযোগ পাব। ভাইৰেল ইনফেকশ্যনৰ বাবে উপযুক্ত ব্যৱস্থা লওক। সংগীৰ প্ৰতি অধিক মনোযোগী হওক। আপুনি বিনয়ীভাৱে যোগাযোগৰ চেষ্টা কৰিলেও আনে সেয়া ভালভাৱত নল’ব।

মকৰ : আপুনি সহজ–সৰল মানুহ, সেয়ে বহুতেই আপোনাৰ সুবিধা লোৱাৰ চেষ্টা কৰিব। আপোনাৰ ওচৰৰ মানুহৰ আজি আপোনাৰ প্ৰয়োজন হ’ব পাৰে, তেওঁৰ কাষত থাকক।

কুম্ভ : নিজৰ মনৰ কথা আনৰ সৈতে খুলি কোৱাৰ চেষ্টা কৰক আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া চাওক। আজি আপুনি অত্যন্ত আবেগিক হ’৸ব। কৰ্মক্ষেত্ৰত আপুনি অত্যন্ত চাপ অনুভৱ কৰিব।

মীন : আজি শুভ খবৰেৰে দিনটো আৰম্ভ হ’ব। আজিৰ দিনটো বিশেষভাৱে আপোনাৰ বাবে শুভ। যিসকলে কৰ্মৰত হৈ আছে তেওঁলোকৰ পদোন্নতি হ’ব পাৰে।
Published by:Sanjay Kumar Das
First published: