• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Horoscope Today: ১১ আগষ্টৰ ৰাশিফল, চাওক কেনে যাব আজি আপোনাৰ দিনটো

Horoscope Today: ১১ আগষ্টৰ ৰাশিফল, চাওক কেনে যাব আজি আপোনাৰ দিনটো

দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আজিৰ দিনটোৰ ৰাশিফল।

দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আজিৰ দিনটোৰ ৰাশিফল।

দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আজিৰ দিনটোৰ ৰাশিফল।

  • Share this:


মেষ ৰাশি: আজি আপোনাৰ খৰচ অভাৱনীয়ভাৱে বৃদ্ধি পাব পাৰে। সম্পৰ্কবোৰত খেলিমেলিৰ সৃষ্টি হ’ব পাৰে। আপুনি সহজে দায়িত্ব ল’বলৈ ভাল পায়, কিন্তু আজি দায়িত্বৰ বাবে বিপদত পৰিব পাৰে।

বৃষ ৰাশি: আজি নিজৰ পৰিয়ালৰ কাম-কাজৰ বিশেষ যত্ন লওক। আপোনালোকৰ দীঘলীয়া কষ্টৰ আজি সফলতা লাভ কৰিবলৈ গৈ আছে। ই আপোনাৰ জনপ্ৰিয়তাও বৃদ্ধি কৰিব।

মিথুন ৰাশি: আজি এনে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে যাৰ ফলত আপুনি হঠাতে মেজাজ হেৰুৱাব পাৰে। কিন্তু আজি আপোনাৰ সংগীৰ সৈতে ভাল ৰোমান্টিক সময় পাৰ কৰিব। আজি আপুনি এফালে কামৰ হেঁচা চম্ভালিব, আনফালে ধেমালিও কৰিব।

কৰ্কট : নতুন কাম আৰম্ভ কৰাৰ বাবে বা পৰিকল্পনা কৰাৰ বাবে দিনটো শুভ। সাৱধান, আজি সম্পৰ্কত প্ৰতাৰিত হ’ব পাৰে। আজি কৰ্মস্থলীত দিনটো হয়তো বিভ্ৰান্তিৰে আৰম্ভ হ’ব পাৰে।

সিংহ ৰাশি: আজি আপোনালোকৰ বাবে এটা ভাল দিন। আপুনি বহুদিনৰ পৰা কথাবোৰ মনত ৰাখিছে, আজি আপোনাৰ সংগীৰ আগত মুকলিকৈ কওক। আপোনাৰ বাটত যিমানেই বাধা আহক, আজি আপুনি সকলো বাধা অতিক্ৰম কৰিব।

কন্যা ৰাশি: আজি নিজকে তুলি ধৰাৰ দিন। যদি আপুনি কামৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ পৰা ওলাই আহিব বিচাৰে তেন্তে ভদ্ৰভাৱে ওলাই আহক।

তুলা ৰাশি: আপোনাৰ অত্যধিক আৱেগিক ব্যৱহাৰে আপোনাক সন্তুষ্ট কৰিব পাৰে কিন্তু আনক এক অস্বস্তিকৰ পৰিস্থিতিত পেলাব পাৰে। আপোনাৰ কামত অত্যধিক মনোনিৱেশে আপোনাৰ সংগীৰ সৈতে দূৰত্ব বৃদ্ধি হ’ব পাৰে।

বৃশ্চিক ৰাশি: আজি আপুনি হয়তো অত্যধিক খৰখেদা কৰি বিপদত পৰিব পাৰে। আজি আপুনি আৱেগিকভাৱে অতি সক্ৰিয় হ’ব। আজি আপোনাৰ সম্পৰ্কক লৈ অলপ চিন্তাত পৰিব পাৰে।

ধনু : নিজৰ মনৰ পৰিচয় আৱিষ্কাৰ কৰাটো আপোনাৰ জীৱনৰ অন্যতম লক্ষণ হোৱা উচিত। সম্পৰ্কত দিনটো বহুত ভাল হ’ব। কিন্তু কৰ্মক্ষেত্ৰত অত্যধিক চাপৰ বাবে মানসিকভাৱে বিপৰ্যস্ত হ’ব পাৰে।

মকৰ : আজি কোনো কাৰণ নোহোৱাকৈ আপুনি হঠাৎ হতাশ বোধ কৰিব পাৰে। সংগী আৰু আপোনাৰ মাজত নানা কাৰণত টেনশ্যন বাঢ়িব পাৰে, কৰ্মক্ষেত্ৰত দিনটো আন দিনৰ তুলনাত বেছি ভালে যাব।

কুম্ভ : যিসকলে ৰিয়েল ইষ্টেটৰ ব্যৱসায় কৰে তেওঁলোকৰ বাবে দিনটো ভাল। যিসকলে বৰ্তমান আপোনাৰ কোনো প্ৰত্যাশা পূৰণ কৰা নাই তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখক।

মীন : ভালপোৱাজনৰ সৈতে আজি বিচ্ছেদ হ’ব পাৰে। সংগীক ইমপ্ৰেছ কৰাৰ বাবে কোনো সুযোগ নেৰিব। আজি কৰ্মক্ষেত্ৰত আপুনি সফলতা আৰু জনপ্ৰিয়তা পাব।

Published by:Sanjay Kumar Das
First published: