মেষ : জীৱনৰ নিয়ন্ত্ৰণ ঘূৰাই আনিব লাগিব। আনে কি কৈছে সেয়া ভাবি থাকিলে নহ’ব। দৃঢ় সিদ্ধান্ত ল’বলৈ গৈ প্ৰিয়জনক আঘাত কৰা উচিত নহ’ব।
বৃষ : কোনো পাৰ্থিব বস্তুৰ অধিকাৰ পাব পাৰে। বাসস্থান সলনি কৰাৰ কথা ভাবিব পাৰে।
মিথুন : নিজৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। এনে পৰিস্থিতি আহিব পাৰে য’ত প্ৰেম আৰু প্ৰতিশ্ৰুতিৰ পৰীক্ষা দিবলগীয়া হ’ব পাৰে।
কৰ্কট : বিগত কিছুদিনৰ কঠোৰ পৰিশ্ৰমৰ ফল উপভোগ কৰাৰ সময় আহিছে। কিন্তু খৰধৰ নকৰি নিজৰ মাজত শান্তভাৱে সেয়া অনুভৱ কৰাই ভাল।
সিংহ : প্ৰতিদ্বন্দ্বীসকলে পৰিকল্পনা মতে বিপদত পেলাব পাৰে। সতৰ্ক হৈ থাকক। কোনো বেদনাৰ স্মৃতি জাগি উঠিব পাৰে।
কন্যা : ব্যক্তিগত বা কৰ্মজীৱনত অপ্ৰত্যাশিত কোনো সুখবৰ আহিব পাৰে। বন্ধু আৰু পৰিয়ালৰ সৈতে সময় কটাব পাৰে।
তুলা : অপ্ৰত্যাশিতভাৱে ডাঙৰ ব্যয় হ’ব পাৰে। অপ্ৰয়োজনীয় কোনো ক্ৰয়ৰ বাবে আৰ্থিক অৱস্থাত মাৰাত্মক প্ৰভাৱ পৰিব পাৰে। ব্যয় নিয়ন্ত্ৰণত কৰা প্ৰয়োজন।
বৃশ্চিক : পাৰিবাৰিক বিষয়ত মনোযোগ দিয়া খুবেই প্ৰয়োজন। আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱ বৰ্তি থাকিব। কাষৰ কোনো মানুহে অসুস্থ বোধ কৰিব পাৰে।
ধনু : অতীতৰ কোনো পৰিচিত লোকৰ সৈতে দেখা হোৱাৰ সম্ভাৱনা আছে। ভৱিষ্যতে এই লোকজনে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
মকৰ : কোনো কাষৰ মানুহৰ পৰা অপ্ৰত্যাশিত সংবাদ পাব পাৰে, প্ৰস্তুত হৈ থাকক। স্বাস্থ্য সম্পৰ্কে পোৱা যিকোনো পৰামৰ্শ ফলপ্ৰসূ হ’ব পাৰে।
কুম্ভ : নিজৰ বিচাৰ বুদ্ধি আৰু বিশ্লেষণাত্মক দৃষ্টিভংগীৰ কাৰণে প্ৰশংসা পাব। প্ৰেম জীৱনত কোনো কঠিন সিদ্ধান্ত লোৱা হ’ব পাৰে।
মীন : পত্নীৰ ভাগ্যৰ ওপৰত অলপ বেছি নিৰ্ভৰ কৰিব লাগিব পাৰে। বস্তুগত লাভৰ সম্ভাৱনা আছে। কিন্তু সেয়া সাময়িক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|