মেষ : চাৰিওফালে নানা ঘটনাত আত্মবিশ্বাস কমা যেন অনুভৱ হ’ব পাৰে। কিন্তু নিজৰ ওপৰত ভৰসা ৰাখিব লাগিব, তেতিয়াহে সমাধান ওলাব।
বৃষ : কামত পৰিৱৰ্তন আহিব পাৰে। দূৰৰ যোগাযোগত ফলাফল লাভৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰতো আজিৰ দিনটো ভাল।
মিথুন : পুৰণি কোনো সপোন পূৰণ হ’ব পাৰে। কামৰ স্থানত পৰিশ্ৰমৰ ফলত সফলতা আহিব। পৰিয়ালৰ সৈতে ভাল সময় পাৰ হ’ব।
কৰ্কট : দীৰ্ঘদিনৰ পৰিশ্ৰমৰ ফল পাব। আৰ্থিক উন্নতি হ’ব। কামৰ স্থানত সন্মানিত হোৱাৰ সম্ভাৱনা আছে।
সিংহ : কামৰ স্থানত সামান্য অশান্তি হ’ব পাৰে। ধৈৰ্যচ্যুতি হোৱাৰ সম্ভাৱনা আছে। কিন্তু শেষত সকলো সমস্যা দূৰ কৰিব পাৰিব।
কন্যা : পৰিশ্ৰমৰ ফল পাব। কাম বা শিক্ষা উভয় ক্ষেত্ৰতে সফলতা আহিব। কামৰ স্থানত সন্মানিত হ’ব পাৰে।
তুলা : একঘেয়ামী কাম নহয়, জীৱনত কিছু পৰিৱৰ্তন আনিব পাৰে। কামৰ চাপ কম থাকিব আৰু নিজকে সকলো ফালৰ পৰা পজিটিভ অনুভৱ কৰিব।
বৃশ্চিক : এওঁলোকৰ সিদ্ধান্ত ল’বলৈ সমস্যা হ’লেও বুজিব পাৰিব জীৱনত পৰিকল্পনাৰ প্ৰয়োজনীয়তা কি। নতুনকৈ জীৱনটো চাব পাৰিব।
ধনু : ভাগ্যই লুকাভাকু খেলিব। কেতিয়াবা ভাল সময় আহিব, কেতিয়া সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেয়ে ধৈৰ্য ধৰি নিজৰ দায়িত্ব পালন কৰি যাব লাগিব।
মকৰ : নিজৰ ভাৱনা–চিন্তাৰ কথা খুলি ক’লে সন্মান পাব পাৰে। আনৰ পৰা সহায় পাব।
কুম্ভ : দিনটো এওঁলোকৰে। যি কামতে হাত দিব তাতে সফলতা আহিব। এওঁলোকৰ ব্যক্তিত্বই আনক মুগ্ধ কৰিব।
মীন : নিজৰ মাজত আন এক ধৰণর শক্তি অনুভূত হ’ব। নিজকে আৰু ভালদৰে উন্মোচনৰ দিন আজি। যিমান সমস্যা নাহক, মোকাবিলা কৰিব পাৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|