• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Horoscope Today: ১০ আগষ্টৰ ৰাশিফল, আজি সতৰ্ক হৈ চলক এইকেইটাৰ ৰাশিৰ লোকসকলে!

Horoscope Today: ১০ আগষ্টৰ ৰাশিফল, আজি সতৰ্ক হৈ চলক এইকেইটাৰ ৰাশিৰ লোকসকলে!

কেনে যাব আজি আপোনাৰ দিনটো। সাৱধানে চলক এই ৰাশিৰ লোকসকলে।

কেনে যাব আজি আপোনাৰ দিনটো। সাৱধানে চলক এই ৰাশিৰ লোকসকলে।

কেনে যাব আজি আপোনাৰ দিনটো। সাৱধানে চলক এই ৰাশিৰ লোকসকলে।

  • Share this:
মেষ : আজি সম্পৰ্কক লৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব। কৰ্মক্ষেত্ৰত দিনটো একঘেয়ামীৰে পাৰ হ’ব। অৱশ্যে শীঘ্ৰে এই পৰিস্থিতি শাম কাটিব।

বৃষ : আপোনাৰ বিচাৰ বুদ্ধিৰ আজি প্ৰশংসা পাব। আজি আপুনি মনে–প্ৰাণে প্ৰেমৰ মনোভাৱ বজাই ৰাখিব। কিন্তু কৰ্মক্ষেত্ৰত দিনটো সিমান ভাল নহয়।

মিথুন : আজি শাৰীৰিকভাৱে মাৰাত্মক কোনো ইনফেকশ্যনৰ চিকাৰ হ’ব পাৰে, নিজৰ যত্ন ৰাখক। কৰ্মক্ষেত্ৰত বহুতেই আপোনাক নানাভাৱে উৎসাহিত কৰাৰ চেষ্টা কৰিব।

কৰ্কট : আজি আপুনি ভীষণ আত্মবিশ্বাসী হৈ থাকিব। আপুনি একেলগে সম্পৰ্কৰ ক্ষেত্ৰতো আনন্দ আৰু নিৰাপত্তা বিচাৰি পাব। আপোনাৰ কথা কোৱাৰ ভংগীয়ে আনক আকৰ্ষণ কৰিব।

সিংহ : আপুনি সাধাৰণতে সুস্বাস্থ্যৰ অধিকাৰী হ’লেও আজি আপোনাৰ শক্তি হ্ৰাস পাব। কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বীক প্ৰত্যাহ্বান জনোৱাৰ সময়।

কন্যা : আজি আপোনাৰ ব্যক্তিগত আৰু পেছাগত জীৱনৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ গৈ হাবাথুৰি খাব। সম্পৰ্কক লৈ আৰু আগুৱাব বিচাৰিলে আপোনাৰ প্ৰাত্যহিক চৰিত্ৰৰ সলনিৰ প্ৰয়োজন। কৰ্মক্ষেত্ৰত আপোনাৰ জুনিয়ৰসকলক সন্মান কৰক।

তুলা : আজি আপোনাৰ কমফ’৸ৰ্ট জ’নৰ পৰা ওলাই আহি কাম কৰক। আপুনি দীৰ্ঘদিন ধৰি কামৰ বাবে বন্ধুবৰ্গক এৰি চলিছে, এতিয়াও সময় আছে, তেওঁলোকক সন্মান দিয়ক। আপুনি আজি কামত অত্যন্ত মনোযোগী হৈ থাকিব।

বৃশ্চিক : আপোনাৰ ওচৰৰ কোনো মানুহে আজি সমস্যাত পৰিব। শ্বাসতন্ত্ৰৰ সমস্যাত ভুগিব পাৰে। বিভিন্ন ঘটনাৰ বাবে আজি আপুনি সম্পৰ্কক নতুনকৈ চিনি পাব। কৰ্মক্ষেত্ৰত চাহিদা বাঢ়িব।

ধনু : গুৰুত্বপূৰ্ণ কাম কৰাৰ সময়ত যান–বাহনগত সমস্যাত পৰিব। আপুনি সামাজিকভাৱে আজি খুবেই সক্ৰিয় থাকিব। আজি নতুন কোনো ব্যৱসায়ৰ পৰিকল্পনা কৰাৰ বাবে দিনটো ভাল।

মকৰ : আজি বিভিন্ন ক্ষেত্ৰত বিৰক্তিকৰ মনোভাৱ তৈয়াৰ হ’ব। এতিয়া আপোনাৰ অন্যতম কাম আপোনাৰ পৰিয়ালক সময় দিয়া। আপুনি কৰ্ম সংক্ৰান্তীয় নানা সুযোগ পাবলৈ গৈ আছে।

কুম্ভ : আজৰ দিনটো আপোনাৰ বাবে খুবেই শুভ। সম্পৰ্কক লৈ আজি আপোনাৰ নতুন দৃষ্টিভংগী আহিব। কিন্তু কৰ্মক্ষেত্ৰত আপুনি নানা কামক লৈ বিভ্ৰান্ত হ’ব পাৰে।

মীন : আপোনাৰ ডায়েটক লৈ আপুনি অধিক সচেতন হ’ব লাগিব। আপুনি আজি অযথা বিভিন্ন দিশত অৰ্থ বিনিয়োগ কৰিব, কিন্তু নিজক অতিৰিক্ত বিনিয়োগৰ পৰা বচাই ৰখা প্ৰয়োজন।
Published by:Sanjay Kumar Das
First published: