মেষ : বিনিয়োগৰ ক্ষেত্ৰত দিনটো শুভ নহয়। অৰ্থনৈতিক ক্ষেত্ৰত সাময়িক সমস্যাৰ সম্ভাৱনা আছে।
বৃষ : সংগী–সংগীনীক নিজৰ মতে থাকিবলৈ দিয়ক, তেতিয়াহে সম্পৰ্কত অশান্তি নহয়।
মিথুন : অতিৰিক্ত ক্লান্তিয়ে বিব্ৰত কৰি ৰাখিব। কাম আৰু অৱসৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰা প্ৰয়োজন।
কৰ্কট : সংগী–সংগীনীৰ ব্যস্ততা সাময়িক, নিজক উপেক্ষিত বুলি ভাবি মন বেয়া নকৰিব।
সিংহ : সংগীৰ সৈতে মনোমালিন্যৰ সম্ভাৱনা আছে, যথাসম্ভৱ মগজু ঠাণ্ডা কৰি ৰাখক আজি।
কন্যা : সুখবৰত উচ্ছাস যুক্তিসংগত, কিন্তু সেয়া যেন আনৰ বাবে বিৰক্তিৰ কাৰণ হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখক।
বৃশ্চিক : যিমান সম্ভৱ কাষৰ বন্ধুৰ সৈতে যোগাযোগ ৰাখক, মনৰ অশান্তি দূৰ হ’ব।
ধনু : নিজৰ অস্বস্তিৰ কথা আনক বুজাই কওক, অশান্তি দূৰ হ’ব।
মকৰ : অৰ্থচিন্তাক লৈ দিনটো পাৰ হ’ব। আয়–ব্যয়ৰ সুস্থ হিচাপত ভাৰসাম্য ৰাখিব লাগিব।
কুম্ভ : কাষৰ মানুহ সমস্যাত জৰ্জৰিত হৈ থাকিলে তাক অৱহেলা বুলি নাভাবিব।
মীন : প্ৰিয়জনৰ সৈতে স্পষ্ট কথোপকথনৰ জৰিয়তে সমস্যাবোৰ আঁতৰ হ’ব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 07, 2023, 13:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|