ভাৰতবৰ্ষত ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীৰ মতে, এই ক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক।
ভাৰতবৰ্ষত ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীৰ মতে, এই ক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক।
ভাৰতবৰ্ষত ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজীৰ মতে, এই ক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। গতিকে ইংৰাজীত ৰাশিফলক কোৱা হয় চান চাইন। এই ক্ষেত্ৰত জন্মদিন অনুসৰি বুজা যায়, এজন ব্যক্তি কোন ৰাশিৰ জাতক-জাতিকা।
আগন্তুক সপ্তাহ এই পাঁচটা ৰাশিৰ বাবে চিন্তনীয়। আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। জানি লওক সবিশেষঃ
- মেঘ ৰাশিঃ আগন্তুক সপ্তাহত মেঘ ৰাশিৰ জাতক-জাতিকাৰ পাৰিবাৰিক কন্দলৰ সৃষ্টি হব পাৰে। আৰ্থিক স্থিতিকলৈ আছে চিন্তা। উপাৰ্জনৰ পৰিৱৰ্তে বাঢ়িব পাৰে খৰচ।
- মিথুন ৰাশিঃ বিদ্যাৰ্থীৰ বাবে শুভ। প্ৰেমত শুভ। কিন্তু ধন অযথা খৰচ হোৱাৰ সম্ভাৱনা। উপাৰ্জনৰ সন্ধানত চিন্তাত পৰিব পাৰে।
- সিংহ ৰাশিঃ সিংহ ৰাশিৰ জাতক-জাতিকাই স্বাস্থ্যৰ প্ৰতি সজাগ হওক। যিকোনো মুহূৰ্তত চিন্তাত পৰিব পাৰে। আৰ্থিক দিশত আছে বাধা।
- কন্যা ৰাশিঃ কন্যা ৰাশিৰ জাতক-জাতিকাৰ বাবেও আগন্তুক সপ্তাহ আৰ্থিক দিশত বৰ সন্তুোষজনক নহয়। হাতলৈ ধন আহিব যদিও বিশেষ বিশেষ কাৰণত ৰাহি কৰিব নোৱাৰিব।
- বৃশ্চিক ৰাশিঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ নহয় আগন্তুক সপ্তাহ। সংস্থাপনকলৈ চিন্তাত পৰিব পাৰে। চাকৰি লাভৰ বিশেষ অৱকাশ নাই আগন্তুক সপ্তাহত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|