৮ এপ্ৰিলৰ ৰাশিচক্ৰ, চাওক কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো!

News18 Assam | News18-Assam
Updated:April 8, 2021, 10:00 AM IST
৮ এপ্ৰিলৰ ৰাশিচক্ৰ, চাওক কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো!
জন্মদিন মিলাই চাওক আজি দিনটোত কোন ৰাশিৰ জাতক–জাতিকাৰ কেনেদৰে পাৰ হ’ব আজিৰ দিনটো!

জন্মদিন মিলাই চাওক আজি দিনটোত কোন ৰাশিৰ জাতক–জাতিকাৰ কেনেদৰে পাৰ হ’ব আজিৰ দিনটো!

  • Share this:
ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওফৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন। এইক্ষেত্ৰত জন্মদিন অনুসৰি বুজা যায় এজন ব্যক্তি কোন ৰাশিৰ জাতক বা জাতিকা।

জন্মদিন মিলাই চাওক আজি দিনটোত কোন ৰাশিৰ জাতক–জাতিকাৰ কেনেদৰে পাৰ হ’ব আজিৰ দিনটো!

মেষ : মাৰ্চ ২১ৰ পৰা এপ্ৰিল ১৯লৈ। আজিৰ মূল মন্ত্ৰীই হ’ল আত্মবিশ্বাস। এইটো ধৰি ৰাখিব পাৰিলে, নিজৰ ওপৰত আস্থা ৰাখিলে কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব।

বৃষ : এপ্ৰিল ২০ৰ পৰা মে’ ২০লৈ। আজি বহুতে আপোনাৰ পৰা বহু কিবাকিবি প্ৰত্যাশা কৰিব। সকলো দাবী পূৰণ কৰাটো অসম্ভৱ, সেয়ে ভাৰসাম্য ৰাখি চলক।

মিথুন :  মে’ ২১ৰ পৰা জুন ২০লৈ। আজি অকাৰণত মনত উদ্বেগ জন্মিব পাৰে। মন–মগজু ঠাণ্ডা কৰি ৰাখক, কোনো কথাত শীঘ্ৰে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব।

কৰ্কট : জুন ২১ৰ পৰা জুলাই ২২লৈ। কৰ্মক্ষেত্ৰত প্ৰতিবন্ধকতাৰ মুখত পৰিব লাগিব পাৰে। কিন্তু এৰি নিদিলে সফলতা আহিব।

সিংহ : জুলাই ২৩ৰ পৰা আগষ্ট ২২লৈ। ইতিবাচক মনোভাৱৰ পৰাই জীৱন সুন্দৰ হয়, সেয়ে পৰিস্থিতি প্ৰতিকূল হ’লেও হতাশ নহ’ব, নিজৰ ওপৰত বিশ্বাস ৰাখক।

কন্যা : আগষ্ট ২৩ৰ পৰা ছেপ্টেম্বৰ ২২লৈ। আজি কঠোৰ পৰিশ্ৰম নকৰিলে বাধা নেওচি আগুৱাব নোৱাৰিব, সেয়া কৰ্মক্ষেত্ৰই হওক বা সংসাৰ।

তুলা : ছেপ্টেম্বৰ ২৩ৰ পৰা অক্টোবৰ ২২লৈ। আজি কিছু গুৰুত্বপূৰ্ণ ঘটনা ইমান দ্ৰুতভাৱে ঘটিব যে ভালকৈ ভৱাৰ সময় নাপাব, সেয়ে কথা কোৱাৰ সময়ত কতৰ্ক থাকক।

বৃশ্চিক : অক্টোবৰ ২৩ৰ পৰা নৱেম্বৰ ২১লৈ। তাৰাতাৰি কৰি সফলতাৰ শিখৰত উঠিব নোৱাৰি, তাৰ বাবে কিছু সময় লাগে। এই কথা পাহৰি নাযাব।

ধনু : নৱেম্বৰ ২২ৰ পৰা ডিচেম্বৰ ২১লৈ। সফলতাৰ পথত আপোনাৰ কষ্ট আছে। প্ৰতিবন্ধকতা দূৰ কৰি আগুৱাই থাকক, ভাগ্য লগত থাকিব।

মকৰ : ডিচেম্বৰ ২২ৰ পৰা জানুৱাৰী ১৯লৈ। আৱেগপ্ৰৱণতাত আবদ্ধ হৈ নাথাকি বৃহত্তৰ লক্ষ্যৰ ফালে আগবাঢ়ক, সাফল্য আপোনাৰ সন্মুখতে আছে, সেইফালে আগুৱাই যাওক।

কুম্ভ : জানুৱাৰী ২০ৰ পৰা ফেব্ৰুৱাৰী ১৮লৈ। আনৰ বাবে যিমান খাটিছে, তেওঁলোকে আপোনাৰ বাবে সিমানখিনি নকৰিব – সেয়া মনত ৰাখি পদক্ষেপ লওক।

মীন : ফেব্ৰুৱাৰী ১৯ৰ পৰা মাৰ্চৰ ২০লৈ। কাংক্ষিত লক্ষ্যক লৈ আলোচনা বহুত হৈছে, এইবাৰ সেয়া বাস্তবায়িত কৰাৰ পদক্ষেপ লওক, ভাগ্যই সহায় কৰিব।
Published by: Sanjay Kumar Das
First published: April 8, 2021, 10:00 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি